Breaking

হিমন্ত বিশ্ব শৰ্মাঃ উত্তৰ-পূবত গেৰুৱা দলৰ সূৰ্যোদয়ৰ আঁৰৰ ব্যক্তিগৰাকী

0 48

উত্তৰ-পূবত বিজেপিৰ সূৰ্য উদয়ে আনন্দিত কৰি তুলিছে গেৰুৱাদলৰ প্ৰতিজনকে। ভিন্ন ভাষা-ধৰ্মৰ লোকেৰে পৰিপূৰ্ণ উত্তৰ-পূবৰ তিনি খন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত বিজেপিৰ দৰে এটা হিন্দুত্ববাদী দলে খোপনি পুতিব পৰাটো বহুতৰে বাবে এক যাদুকৰী কথা।

এই যাদুৰ আঁৰত থকা লোকজনৰ কথাই আজি আটাইতকৈ বেচি চৰ্চা হৈছে। উত্তৰ-পূবৰ ৰাজ্য কেইখনত মিত্ৰজোঁটক একেলগে কৰাৰ আঁৰৰ মানুহ জনেই হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ বহু আগৰে পৰাই হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূবৰ তিনিওখন ৰাজ্যলৈ প্ৰায়ে গৈছিল আৰু বিজেপিৰ বাবে পথ প্ৰশস্ত কৰাৰ কামত নিজকে নিয়োজিত কৰিছিল।

শৰ্মাই প্ৰথমে নেইফিউ ৰিঅ’ক নাগালেণ্ডত দ্বিতীয় বাৰৰ বাবে ক্ষমতালৈ লৈ যোৱা আৰু তাৰ পিছত ত্ৰিপুৰাত গেৰুৱা দলৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত হোৱা ক্ষতি পূৰণ কৰিব পৰা ব্যক্তি হিচাপে মানিক সাহাকপ্ৰক্ষেপ কৰাত হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মেঘালয়ৰ বিধানসভাৰ নিৰ্বাচনৰ ঠিক আগতে বিজেপিৰ সৈতে এনপিপি দলৰ মিত্ৰতা ভংগ কৰা কনৰাড চাংমাক সম্ভাৱ্য মিত্ৰতাৰ বাবে আলোচনাৰ মেজলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পৰিণতিতে কনৰাড চাংমাই আজি নিজেই চৰকাৰ গঠনৰ বাবে আলোচনা কৰাৰ অৰ্থে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ ফোন কৰাৰ খবৰ আহিছে। চাংমাই মেঘালয়ত চৰকাৰ গঠনৰ বিষয়ত শৰ্মাৰ সৈতে দুবাৰ বৈঠক কৰিছিল।

এনপিপিৰ মুখপাত্ৰ আম্পাৰিন লিংডোৱে এনপিপিয়ে বিজেপিৰ সৈতে মিত্ৰতা কৰিব নেকি বুলি সোধাত কয়, “যিহেতু মানুহে যোৱাবাৰতকৈ আমাৰ ওপৰত বিশ্বাস ৰাখিছে, পূৰ্বৰ অংশীদাৰসকলৰ সৈতে পুনৰ লগলগাৰ যথেষ্ট সম্ভাৱনা আছে।”

টিপ্ৰা মোথাৰ প্ৰাক্তন সভাপতি গৰাকীয়েও কৈছিল “আমি গুৱাহাটীত বৈঠকত বহিছিলো… আমাক অসমৰ মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছিল। দিল্লীৰ পৰা আৰু দুজন বিজেপি নেতা আহিছিল… আমি অস্বীকাৰ মিত্ৰতা কৰিছিলো, কিয়নো তেওঁলোকে কৈছিল তেওঁলোকে পৃথক টিপ্ৰালেণ্ডৰ দাবী মিনি ল’ব বিচৰা নাছিল”।


উল্লেখ্য কেৱল উত্তৰ-পূবেই নহয়, গুজৰাট আৰু দিল্লীৰ বিধানসভা নিৰ্বাচনৰ সময়তো হিমন্ত বিশ্ব শৰ্মাই নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। বিজেপিৰ তাৰকা প্ৰচাৰক হিচাপে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

Leave A Reply