মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন। Advantage Assam 2.0 ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ সংবাদমেল।(Himanta Biswa Sarma)
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ADVANTAGE ASSAM 1.0ত ৩ টা সফলতা লাভ কৰিছিলোঁ’ ‘নুমলীগড় ৰিফাইনেৰীক সুস্থিৰ অৱস্থালৈ লৈ যোৱা হৈছিল’ ‘ঔদ্যোগিক আন্তঃগাঁথনি গঢ়া হৈছিল’ ‘পাৰাদ্বীপৰ পৰা অসমলৈ পাইপ লাইন হৈছিল’ গেছ গ্ৰীডৰ জৰিয়তে আন্তঃগাঁথনি গঢ়া হৈছিল ADVANTAGE ASSAM 1.0ত।
আনহাতে বৰ্তমানৰলৈকে এডভান্টেজ আছাম ২.০ত অংশগ্ৰহণৰ বাবে ৭০০০ সৰু-বৰ উদ্যোগে পঞ্জীয়ন কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
জাপান আৰু ছিংগাৰপুৰৰ সৈতে আমাৰ দুখন গুৰুত্বপূৰ্ণ MoU হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জাপানে আমাৰ পৰা মেন পাৱাৰ নিব বিচাৰিছে। প্রথমাৱস্থাত ৫০ হাজাৰ যুৱক-যুৱতীয়ে জাপানত কাম কৰাৰ সুযোগ পাব। ছিংগাপুৰক নাৰ্চ লাগে, অসমৰ ১৭ গৰাকী ছোৱালীয়ে বর্তমান তাত কাম কৰি আছে বুলি কয়। লগতে ভূটান, জাপান, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, থাইলেণ্ড, মালয়েছিয়া ৭ খন বন্ধু ৰাষ্ট্ৰ থাকিব বুলিও কয়।
এডভান্টেজ আছাম 2.0 সন্মিলনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব নির্মলা সীতাৰমণ। সন্মিলনত উপস্থিত থাকিব দেশৰ শীৰ্ষ পৰ্যায়ৰ উদ্যোগপতি। উপস্থিত থাকিব ৮ গৰাকী কেন্দ্ৰীয় মন্ত্রী আৰু ১০ গৰাকী শীর্ষ পর্যায়ৰ উদ্যোগী।