Breaking

ধোঁৱাচাঙত হিমন্ত বিশ্ব শৰ্মাৰ ‘অমৃত বৃক্ষ’ আঁচনি : আপ…

0 84

ধোঁৱাচাঙত হিমন্ত বিশ্ব শৰ্মাৰ ‘অমৃত বৃক্ষ’ আঁচনি : আপ। অভিলেখৰ সলনি মুখ্যমন্ত্ৰীয়ে অসমৰ জ্বলন্ত সমস্যাবোৰৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰক ঃ ভবেন চৌধুৰী। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়নৰ নামত লাখ লাখ গছ কাটি কেৱল দুদিনৰ বাবে প্ৰচাৰধৰ্মী গছপুলি ৰোপণৰ চমক দিয়া কাৰ্যক গৰিহণা দিছে আম আদমি পাৰ্টীয়ে। ১৭ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰে অমৃত বৃক্ষ আঁচনিৰ জৰিয়তে লাখ লাখ গছ পুলি বিতৰণ আৰু ৰোপণ কৰি সংখ্যাৰে বিশ্ব অভিলেখ গঢ়িলে যদিও প্রতিপালনৰ অভাৱ, প্ৰখৰ উষ্ণতাত ৫০ কোটি টকীয়া গছপুলিৰ অলেখ গছ দুদিনতে মৃতপ্ৰায় হৈ পৰা দেখা গ’ল। বহু স্থানত ৰোপণৰ পূৰ্বেই আহিছিল শুকান, মৃত গছপুলি, বহু ঠাইত আকৌ গছপুলিৰ নামত কেৱল ঠানি অহা দেখা গৈছিল। বহু ঠাইত প্রয়োজনীয় ফেঞ্চিঙৰ অভাৱত এদিন পিছতে গৰুৱে খাই গছপুলিবোৰ তহিলং কৰিছে।

এনেদৰে ৰাজ্য চৰকাৰে অকল অভিলেখ সৃষ্টিৰ বাবেই জীয়াই থকা গছপুলি উঠাই শুকাই মৰিব দিয়া কার্যত তীব্র ক্ষোভ প্রকাশ কৰিছে আম আদমি পার্টীয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে ‘আপ’ৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে কয় যে – গছপুলি ৰোৱাতো সহজ কাম, তাক আপডাল কৰি জীয়াই ৰখাটোহে ডাঙৰ কথা। অমৃত বৃক্ষ আন্দোলনৰ নামত ঘড়ীৰ কাটা ওলোটাকৈ ঘূৰালে চৰকাৰে। অভিলেখ সৃষ্টিৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গছপুলি ৰোপণৰ বাবে মন্ত্ৰী, বিষয়া, সাংসদ, বিধায়ক উবুৰি খাই পৰাৰ ৪৮ ঘন্টাৰ ভিতৰতে ওলোটা ফলাফল দেখা গ’ল। এইবোৰৰ পৰিৱৰ্তে চৰকাৰখনে অসমৰ জ্বলন্ত সমস্যাবোৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা কৰাৰ প্ৰয়োজন ।

Leave A Reply