Breaking

‘হিন্দু ছোৱালীয়ে বেগত লিপষ্টিক বা ফণী নহয়, ছুৰী ৰাখিব লাগে’ -ভিএইচপি নেত্ৰী সাধ্বী প্ৰাচীৰ পৰামৰ্শ

0 72


হিন্দু ছোৱালীয়ে বেগত লিপষ্টিক বা ফনী নহয়, পাৰ্চত ছুৰী ৰাখিব লাগে।এই পৰামৰ্শ দিঠে ভিএইচপি নেতা সাধ্বী প্ৰাচীয়ে।হিন্দুত্ববাদী সংগঠনৰ নেত্ৰী সাধ্বী প্ৰাচীয়ে হিন্দু ছোৱালীয়ে ফণী আৰু লিপষ্টিক ৰাখিব নালাগে কিন্তু তেওঁলোকৰ পাৰ্চত ছুৰী ৰাখিব লাগে বুলি কৈ পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

বিশ্ব হিন্দু পৰিষদৰ (ভিএইচপি) নেত্ৰীগৰাকীয়ে কয় যে হিন্দু ছোৱালীয়ে চুৰি তেওঁলোকৰ পাৰ্চত ৰাখিবই লাগে। ই ‘জেহাদীসকল’ৰ পৰা তেওঁলোকক সুৰক্ষা দিব। ৰতলামত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি প্ৰাচীয়ে কয়, “ছোৱালীবোৰে জেহাদীসকলক প্ৰতিহত কৰিবলৈ তেওঁলোকৰ পাৰ্চত ছুৰী ৰাখিব লাগে”

তেওঁ পৰামৰ্শ দিয়ে যে সকলো হিন্দু মহিলাই মুছলমানসকলৰ দৰে ‘কাট্টাৰ’ (গোড়া) হ’ব লাগে, যিমান মুছলমানসকল তেওঁলোকৰ ধৰ্মৰ বাবে গোড়া হয়। দিল্লীৰ চাঞ্চল্যকৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড সন্দৰ্ভত ভিএইচপি নেত্ৰীগৰাকীয়ে কয়, “যদি লাভ জেহাদীসকলে আপোনাৰ ডিঙি কাটিবলৈ সাজু হয়, তেন্তে আপুনি (হিন্দু ছোৱালী) তাৰ আগতে তেওঁলোকৰ ডিঙি কাটিব লাগিব।”সাধ্বী প্ৰাচীয়ে বিখ্যাত অনাদি কল্পেশ্বৰ মন্দিৰ দৰ্শন কৰিবলৈ আলোট চহৰত উপস্থিত হৈছিল। তাত তেওঁ জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী মৌলানা আৰ্শাদ মাদানীকো আক্ৰমণ কৰিছিল। সাধ্বী প্ৰাচীয়ে কৈছিল যে মাদানীয়ে হিন্দু ধৰ্মৰ এ, বি, চি, ডি নাজানে। তেওঁ লগতে কয় যে “ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আছিল আৰু ভৱিষ্যতেও ই তেনেকৈয়ে থাকিব।”

মাদানীক অধিক আক্ৰমণ কৰি সাধ্বী প্ৰাচীয়ে কয় যে ১৯৪৭ চনত দেশৰ বিভাজনৰ বাবে মাদানীৰ দৰে লোক দায়ী। সাধ্বীয়ে লগতে কয় যে মাদানীৰ পূৰ্বপুৰুষসকল ১০০-২০০ বছৰ আগতে ধৰ্মান্তৰিত হৈছিল আৰু এতিয়া তেওঁৰ ঘৰলৈ উভতি অহাৰ সময়। সাধ্বীয়ে বাগেশ্বৰৰ গডমেন ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ হিন্দু ৰাষ্ট্ৰ ঘোষণাৰ দাবীকো সমৰ্থন কৰে।

Leave A Reply