Breaking

পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা বিদ্যালয় পৰ্যায়ৰ বিশেষ অনুষ্ঠান “আমি জিলিকিম” ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই বক্তব্য আবঢ়াই অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথে…

0 91

মানুহ সদায় ধনাত্মক চিন্তাৰে আগুৱাই যাব লাগে — হিৰণ্য কুমাৰ নাথ ৷

মানুহ সদায় ধনাত্মক চিন্তাৰে আগুৱাই যাব লাগে “। পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা বিদ্যালয় পৰ্যায়ৰ বিশেষ অনুষ্ঠান “আমি জিলিকিম” ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই বক্তব্য আবঢ়াই অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথে। আজি পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই শিক্ষামূলক কাৰ্যসূচী হিচাপে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ স্বাৰ্থত বিদ্যালয় পৰ্যায়ৰ বিশেষ অনুষ্ঠান “আমি জিলিকিম” আৰম্ভ হয়।

ঐতিহাসিক পথৰুঘাটৰ পাথৰিঘাট জাতীয় বিদ্যালয়ৰ সভাগৃহত এই অনুষ্ঠানটি উদ্বোধন কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়াই। অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথৰ লগত কেন্দ্ৰীয় জাতীয় বিদ্যালয়, পশ্চিম মঙলদৈৰ সহকাৰী শিক্ষক আচাদুল্লাহ হকো এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰী সকলে এই অনুষ্ঠানত ভবিষ্যতে কেনেকৈ নিজকে সফল কৰি গঢ়ি তুলিব পাৰে এই বিষয়ত সমল ব্যক্তি দুগৰাকী‌য়ে বক্তব্য আগবঢ়ায়।

বিজ্ঞান শিক্ষা,মাতৃভাষা আৰু ইংৰাজী বিষয়ৰ ওপৰতো আলোচনা কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ছাজিছ আলমে। অনুষ্ঠানত উপস্থিত থাকি বক্তৃতা আগবঢ়ায় জাতীয় বিদ্যালয়, পাথৰিঘাটৰ অধ্যক্ষ ইমৰান হুছেইনে। লগতে অনুষ্ঠানত উপস্থিত থাকে উক্ত বিদ্যালয়ৰ উপাধ্যক্ষ গণেশ ডেকা, পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিপুল হক, সাধাৰণ সম্পাদক নুৰ আলম।

Leave A Reply