Breaking

পিয়লি ফুকন উদ্যানত জীউৰাম দুলীয়া বৰুৱাৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰাৰ দাবী বুৰঞ্জীবিদ জীতেন বৰপাত্ৰগোঁহাইৰ…

0 183

মংগল পান্ডে নহয়, দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ অসমৰ বীৰ পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাহে, পিয়লি ফুকন উদ্যানত জীউৰাম দুলীয়া বৰুৱাৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰাৰ দাবী বুৰঞ্জীবিদ জীতেন বৰপাত্ৰগোঁহাইৰ ।

ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত আজি ঐতিহাসিক শিৱসাগৰ বৰপুখুৰী পাৰত অৱস্থিত পিয়লি ফুকন উদ্যানত অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ স্মৃতি দিৱস উদযাপন কৰা হয়। পুৱা শ্বহীদ পিয়লি বৰফুকনৰ প্ৰতিমূৰ্ত্তিৰ তলত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সভাপতি উমেশ গগৈয়ে। সংৰক্ষন সমিতিৰ যুটীয়া সম্পাদক ড০ জাকিৰুল আলমে অনুষ্ঠানৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ পাছত বিশিষ্ট বুৰঞ্জীবিদ তথা ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ প্ৰধান সম্পাদক জীতেন বৰপাত্ৰ গোহাঁইয়ে কয় যে, ১৮২৪ চনত মানৰ অত্যাচাৰৰ পৰা অসমীয়াক উদ্ধাৰ কৰিবলৈ অসমত প্ৰবেশ কৰা বৃটিছে এখন ঘোষণা পত্ৰত উল্লেখ কৰিছিল যে বৃটিছে অসম দখল কৰিবলৈ অহা‌ নাই।

মানৰ পৰা অসম উদ্ধাৰ কৰি আহোম ৰজাৰ হাতত ৰাজ্য গতাই উভতি যাব। কিন্তু মানক খেদাৰ পাছত বৃটিছে এই ঘোষণা কাৰ্যকৰী নকৰি অসম দখল কৰাত স্বাধীনতাপ্ৰিয় বীৰ গমধৰ কোঁৱৰে বিদ্ৰোহ ঘোষণা কৰিলে। বৃটিছে এই বিদ্ৰোহ দমন কৰাৰ পাছত বৃটিছৰ প্ৰতাৰনাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি‌ বীৰ পিয়লি ফুকনে ৰংপুৰৰ বৃটিছ খাৰঘৰত জুই জ্বলাই দিলে।‌ এই অপৰাধত বৃটিছ শাসকে ১৮৩০ চনৰ ২৪ ছেপ্তেম্বৰত এই স্হানতে বীৰ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফাঁচী দিছিল।

এই স্হানত শ্বহীদ পিয়লি ফুকনৰ প্ৰতিমূৰ্ত্তি স্থাপন হ’ল যদিও জীউৰাম দুলীয়া বৰুৱাৰ প্ৰতিমূৰ্ত্তি আজিও স্থাপন নহ’ল। চৰকাৰে তৎকালে এনে বীৰ শ্বহীদক সন্মান জনাই এই স্হানতে জীউৰাম দুলীয়া বৰুৱাৰ এটা প্ৰতিমূৰ্ত্তি স্থাপন কৰা উচিত।চীপাহী বিদ্ৰোহৰ শ্বহীদ মংগল পান্ডেতকৈ ২৭ বছৰৰ পূৰ্বে বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰি শ্বহীদ হৈছিল বীৰ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা। সেয়ে ভাৰত চৰকাৰে মংগল পান্ডেৰ পৰিবৰ্তে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাকহে দেশৰ প্ৰথম শ্বহীদ হিচাপে ঘোষণা কৰা উচিত। কেৱল ভাৰত চৰকাৰেই নহয় অসম চৰকাৰেও এই বীৰ বীৰঙ্গনা সকলক অবজ্ঞা কৰিছে। চৰকাৰে এই দুগৰাকী বীৰ শ্বহীদক তিলমানো গুৰুত্ব আৰু মৰ্য্যদা দিয়া নাই। ভাৰত চৰকাৰে আমাক গুৰুত্ব নিদিলেও অসম চৰকাৰে অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ দুগৰাকীৰ স্মৃতি দিৱস ৰাজ্যজুৰি পালন কৰাৰ ব্যৱস্থা কৰিবলৈ জীতেন বৰপাত্ৰগোঁহাইয়ে দাবী উত্থাপন কৰে। এই অনুষ্ঠানত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উপ সভাপতি চফিকুৰ ৰহমান, প্ৰবীণ শৰ্মাকে ধৰি বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply