Breaking

বাক্সাৰ সুৱনখাটাত আৰম্ভ ঐতিহাসিক ৭১ সংখ্যক মাঘমেলা

0 65

বাক্সাৰ সুৱনখাটাত আজিৰে পৰা ঐতিহাসিক ৭১ সংখ্যক মাঘমেলা আৰম্ভ।বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটা বিভিন্ন জাতি, জনগোষ্ঠীৰ সমন্বয়ৰ এক অন্যতম পীঠস্থান। জিলাখনৰ সীমান্তৱৰ্তী এই সুৱনখাটাতে আজিৰে পৰা সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ঐতিহাসিক ৭১ সংখ্যক সুৱনখাটা মাঘমেলা ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হৈছে মেলাস্থলী ৷ আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা চাফাই অভিযানৰ পিচত ৭:৩০ বজাত প্ৰথম দ্বাৰ উদ্ঘাটন কৰে সশস্ত্ৰ সীমা বলৰ ৬৪ নং বেটেলিয়নৰ কামাণ্ডেন্ট নন্দ কিশোৰ টামটাই ৷ পুৱা ৮ বজাত মুখ্য দ্বাৰ উন্মোচন কৰে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে I

৯ বজাত ৭১ সংখ্যক মাঘমেলাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি খগেন পাঠক দাসে I ইয়াৰ পিচত মূল মণ্ডপ, মিনা বজাৰ, বাণিজ্য মেলা আৰু ব্ৰফেডৰ হস্ততাঁত মেলা উদ্বোধন কৰে ক্ৰমে দাঙাৰাম বড়ো, মানিক দাস, প্ৰভাত চন্দ্ৰ দাস আৰু খগেন পাঠক দাসে ৷ ইয়াৰ পিচত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ সীমান্তৱৰ্তী অঞ্চলটোৰ জনসাধাৰণৰ মাজত আৰ্থ-সামাজিক তথা সাংস্কৃতিক মত বিনিময়ৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত এই মেলাত ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰৰো ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে এই মেলাৰ লগতেই যৌথভাৱে প্ৰতিবছৰে ভাৰত-ভূটান বন্ধুত্বমেলাও অনুষ্ঠিত হয় যদিও এইবেলি ভূটানৰ বাণিজ্যিক প্ৰতিষ্ঠান আৰু সাংস্কৃতিক দলে পৰিস্থিতিগত কাৰণত মেলাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে ৷

Leave A Reply