Breaking

কাইলৈৰ পৰা পর্যটকৰ বাবে মুকলি হ’ব ঐতিহাসিক কীর্তিচিহ্ণ–সংগ্রহালয়

0 2,030

দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণৰ তীব্রতা হ্রাস পাবলৈ ধৰিছে৷ আক্রান্তৰ সংখ্যা ধীৰে ধীৰে নিম্নগামী হৈ আহিছে৷ এদিনত চাৰি লক্ষাধিক লোক আক্রান্ত হৈ বিশ্বৰ প্রথম দেশ হিচাপে অনাকাংক্ষিত অভিলেখ গঢ়া ভাৰতত যোৱা ২৪ ঘণ্টাত ৭০,৪২১জন লোক আক্রান্ত হৈছে৷ আক্রান্তৰ সংখ্যা নিম্নগামী হোৱাৰ পৰিপ্রেক্ষিতেই দেশজুৰি কেন্দ্রৰ দ্বাৰা পৰিচালিত ঐতিহাসিক কীর্তিচিহ্ণ–সংগ্রাহালয় অহা ১৬ জুনৰ পৰা পুনৰ মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে ভাৰতীয় প্রত্নতত্ত্ব জৰীপে৷

ঐতিহাসিক তাজমহলকে ধৰি আনবোৰ কীর্তিচিহ্ণত প্রৱেশৰ বাবে অনলাইনযোগে টিকট বুক কৰিব লাগিব৷ এই ক্ষেত্রত কোনো কাৰণতে অফলাইন টিকটৰ ব্যৱস্থা নাথাকে বুলি প্রত্নতত্ত্ব জৰীপে প্রকাশ কৰিছে৷ উল্লেখ্য যে বিগত সপ্তাহ ধৰি এদিনত আক্রান্তৰ সংখ্যা ১ লাখৰ তললৈ নিম্নগামী হৈয়ে আছে৷ ৭২ দিনৰ ভিতৰত যোৱা ২৪ ঘণ্টাত এদিনত ৭০,৪২১জন লোক আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ১,১৯,৫০১জন লোক৷ বিগত এমাহ ধৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৭০ সহস্রাধিক লোক আক্রান্ত হোৱাত দেশজুৰি মুঠ আক্রান্তৰ সংখ্যা ২,৯৫,১০,৪১০লৈ বৃদ্ধি পাইছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত এক লক্ষাধিক লোক সুস্থ হৈ উঠাত সুস্থ হোৱা লোকৰ সংখ্যা ২,৮১,৬২,৯৪৭জনলৈ বৃদ্ধি পাইছে৷ অর্থাৎ দেশত সুস্থতাৰ হাৰ প্রায় ৯৬ শতাংশ৷

লক্ষণীয় যে দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ১০ লাখৰ তললৈ নামি আহিছে৷ সম্প্রতি দেশত সক্রিয়া ক’ভিড ৰোগীৰ সংখ্যা ৯,৭৩,১৫৮জন৷ এই সংখ্যা হৈছে বিশ্বৰ সর্বমুঠ সক্রিয় ক’ভিড ৰোগীৰ ৮.০১ শতাংশ৷ বিশ্বৰ মুঠ মৃতকৰ ভিতৰত দেশত ৯.৭ শতাংশৰ মৃত্যু হৈছে৷ আনপিনে, আক্রান্তৰ সংখ্যা হ্রাস পালেও দেশত মৃতকৰ সংখ্যা এতিয়াও তিনি সহস্রাধিক হৈয়ে আছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৩,৯২১জনৰ৷ ইয়াকে লৈ মৃতকৰ সংখ্যা ৩,৭৪,৩০৫জনলৈ বৃদ্ধি পাইছে৷ অর্থাৎ দেশত মৃতকৰ হাৰ ১.২৭ শতাংশ৷

আনপিনে, ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত দেশৰ ৰাজধানী নতুন দিল্লীত দৈনিক পজিটিভিটীৰ হাৰ ৩৫ শতাংশলৈ বৃদ্ধি পোৱাৰ পাছত লকডাউনৰ ফলত সম্প্রতি পজিটিভিটীৰ হাৰ ০.২২ শতাংশলৈ নিম্নগামী হৈছে৷ আজিৰে পৰা ৰাজধানী নতুন দিল্লীত আনলক প্রক্রিয়া আৰম্ভ হৈছে৷ ৰাজধানী চহৰখনত যোৱা ২৪ ঘণ্টাত ১৩১জন লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৬জনৰ৷

দিল্লী চৰকাৰৰ তথ্য মতে ৰাজধানী চহৰখনত সুস্থতাৰ হাৰ ৯৮.০৩ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৭৪ শতাংশ৷ ক’ভিড সংক্রমণৰ তীব্রতা হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি অহা ১৬ জুনৰ পৰা কেন্দ্রীয় চৰকাৰৰ দ্বাৰা পৰিচালিত ঐতিহাসিক কীর্তিচিহ্ণ, সংগ্রহালয়সমূহ দর্শনার্থী, পর্যটকৰ বাবে পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ভাৰতীয় প্রত্নতত্ত্ব জৰীপে (এ এছ আই) সোমবাৰে ঘোষণা কৰা মতে ১৬ জুনৰ পৰা দেশজুৰি কেন্দ্রৰ দ্বাৰা পৰিচালিত ৩,৬৮৪ কীর্তিচিহ্ণ পুনৰ মুকলি হ’ব৷

Leave A Reply