Breaking

বেদখলকাৰীৰ কবলত নগাঁৱৰ ঐতিহাসিক মৰিকলং বিল। জিলা প্ৰশাসনৰ আওকণীয়া মনোভাৱত নিঃশেষৰ পথত মৰিকলং বিল।

0 863

দৈনন্দিন বাৰ্তা:

নগাঁও জিলাৰ এখন ঐতিহাসিক বিল মৰিকলং বিল৷ নগাঁও চহৰৰ একেবাৰে গাতে লাগি আছে এই মৰিকলং বিল৷ আজি কিছু বছৰৰ আগলৈকে বিভিন্ন পৰিভ্ৰমী পক্ষীৰ কল-কাকলিৰে পূৰ্ণ হৈ আছিল বিলৰ পাৰ আৰু অসংখ্য মাছ-পুঠিৰ লগতে কাছৰ আৱাসস্থলীৰে ভৰি আছিল বিলৰ পানী৷ লাহে-লাহে সময়ৰ সুতত বিলৰ দুয়োপাৰত ভৰি পৰা ঘন জনবসতিৰ ফলত কমি আহিল পৰীভ্ৰমী পক্ষীৰ প্ৰব্ৰজন৷ এসময়ত পৰিভ্ৰমী পক্ষী শৰালিহাঁহ, হাড়গিলা পক্ষীৰ প্ৰব্ৰজনস্থলী হিচাপে সু-পৰিচিত মৰিকলং বিলত এতিয়া শৰালিহাঁহৰ লগতে হাড়গিলা এটাও দেখা পাবলৈ নাই৷ কিন্তু লগতে তাতোকৈও ভয়াৱহ কথাটো হ’ল বৰ্তমান ঐতিহাসিক মৰিকলং বিল খন বহু বেদখলকাৰীৰ কবলত পৰাটোহে৷ উল্লেখ্য যে, শিয়ালেখোৱা, বৰঘাট, বেঙেনাআটী, পাখিমৰীয়া, মৰিকলং, ধেপাজান, ছোটহয়ৱৰ লগতে আন কেইবাটাও অঞ্চলৰ প্ৰায় ৩৫৮ বিঘাৰো অধিক মাটি সামৰি এসময়ত এক বৃহৎ বিলৰূপে পৰিগণিত হোৱা মৰিকলং বিলখন আজি সকলো ফালৰ পৰাই বেদখলকাৰীৰ কবলত পৰি নিশেষঃ হ’বলৈ ধৰিছে৷ এনে অৱস্থাত আৰু কেইবছৰমানৰ ভিতৰতে হয়তো মৰিকলং বিলৰ অস্তিত্বই হেৰাই যাব নগাঁৱৰ বুকুৰ পৰা তথা নগাঁৱৰ মানচিত্ৰত দেখা পোবা নাযাব বৃহত্তৰ মৰিকলং বিলৰ কোনো চিন মকাম৷ যদিও নগাঁওবাসীৰ সুবিধাৰ বাবেই, তথাপিও বিল খনৰ কিছু অংশ পোতাৰ কাম আৰম্ভ হয় চৰকাৰৰ ফালৰ পৰাই৷ স্মৰ্তব্য এই যে, আজি প্ৰায় ২৫ বছৰৰ আগতে ৰাইজৰ সুবিধাৰ কাৰণে এটা বাছ আস্থান বহাবৰ বাবেই বিলৰ প্ৰায় পাঁচ বিঘা চাৰি কঠা দহ লেচা মাটি পুতি পেলোবা হয় সম্পূৰ্ণ চৰকাৰী আদেশত৷ তাৰপিছৰে পৰাই ৩৬ নং ৰাষ্ট্ৰীয় পথৰ মৰিকলং বাছ আস্থানৰ নিচেই কাষৰ পৰা আৰম্ভ কৰি মৰিকলঙৰ দিশৰ পৰা আৰু অধিকাংশই কছলুখোৱা দিশৰ পৰা ভিন্নজন ভদ্ৰতাৰ মুখাপিন্ধা সম্ভ্ৰান্ত পৰিয়ালৰ বেদখলকাৰী ব্যক্তিয়ে মৰিকলং বিলৰ মাটি পুতি সাধাৰণ ঘৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান, জাৰ্চি গৰুৰ ফাৰ্ম, ব্ৰয়লাৰ ফাৰ্ম, বৃহৎ বৃহৎ কেইবাটাও দালান, বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈকে বনাবলৈ আৰম্ভ কৰে৷ ঠিক সেইদৰে বেঙেনাআটী, ছোটহয়ৱৰ, ধেপাজান, শিয়ালেখোৱা, বৰঘাট, পাখিমৰীয়া আদি অঞ্চলতো বহু বেদখলকাৰীয়ে যধেমধে বিলৰ মাটি অবাধ হাৰত বেদখল কৰি নিৰ্মাণ কৰি গৈছে এটাৰ পিছত এটাকৈ বাহঁৰ ঘৰৰ উপৰি পকী ঘৰ, বিয়াগোম ফাউণ্ডেচনৰে অট্টালিকা, বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান, ব্যক্তিগত ব্যৱসায়ীক কাৰ্যালয় আদি৷ মৰিকলং লয়লা ইংলিছ মিডিয়াম হাইস্কুলৰ ঠিক পোনে পোনে কছলুখোৱা বৰ মছজিদৰ নিচেই কাষতে এটা স্থানত একোটা বৃহৎ চাৰিমহলীয়া অট্টালিকাৰ পিছৰ অংশই বিলৰ মাজভাগ পৰ্যন্ত সামৰি লোৱা কাৰ্যই সকলোবে চকু কপালত তুলিছে৷ ৩৬ নং ৰাষ্ট্ৰীয় পথৰে পাৰা পাৰ হোবা প্ৰতিজন সমাজ তথা পৰিৱেশ সচেতন লোকেই এই আট্টালিকা নিৰ্মাণ কৰা গৰাকীৰ মইমতালি আৰু হঠকাৰীতাত তবধ মানিছে৷ প্ৰশাসনৰ বিভিন্ন বিভাগ সমূহৰ আৰ্ষীশধন্য নহলে এই ভয়ংকৰ কাৰ্য কৰিবলৈ কোনেও সাহস কৰিব নোবাৰে বুলিও বহুতে কব খোজে৷ তাৰ সমান্তৰালভাৱে আন আন একাংশ ঘৰৰ সীমাৰ ইটা আৰু শিলৰ বল্ডাৰে গঠিত উৱাল দিনক দিনে বিলৰ মাজভাগলৈকে আগুৱাই গৈ আছে৷ তাৰ ওপৰি বৰ্তমান ঠায়ে ঠায়ে কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু ঘৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে বিলখনৰ পাৰত৷ ইয়াৰ ওপৰি অঞ্চলৰ একাংশ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াই লুলুপ দৃষ্টিৰে চৰকাৰী মাটিৰ লগতে বিলৰ মাটি বেদখল কৰাত উঠি পৰি লাগিছে৷ তথাপি সদৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা প্ৰশাসন চকু মুদা কুলিৰ ভাও ধৰি হাত সাবতি বহি আছে৷ ঐতিহাসিক মৰিকলং বিলৰ ওপৰত এই অবাধ হাৰত হৈ থকা বেদখল সন্দৰ্ভত স্থানীয় বাসিন্দা সকলে মুখ খুলিব নিবিচাৰে যদিও ২০০০ চনত আৰু ২০১৮ চনত বৃহত্তৰ মৰিকলং অঞ্চলৰ স্থানীয় এক প্ৰকৃতিপ্ৰেমী যুৱ সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মাত মাতিছিল আৰু বিলখনক বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰৰ বাবে জিলা উপায়ুক্তক বহু আবেদন-নিবেদনো কৰিছিল৷ কিন্তু, তেওঁলোকে জিলা প্ৰশাসন-চৰকাৰ তথা স্থানীয় ৰাইজৰ কোনো বিশেষ সহাঁৰি নাপালে৷ তথাপি বৰ্তমানেও সমাজ তথা পৰিৱেশ সচেতন যুৱ সংগঠনৰ দায়িত্বৰত যুৱক সকলে চেষ্টা কৰি আছে কিবা উপায়েৰে বিলখন উঠি অহা নতুন প্ৰজন্মৰ বাবে বচাবলৈ তথা সংৰক্ষণ কৰিবলৈ৷ তাৎপৰ্যপূৰ্ণ বিষয় এই যে, বিলখনৰ কছলুখোৱা, বেঙেনাআটী, ধেপাজান, ছোটহয়ৱৰ, শিয়ালেখোৱা, পাখিমৰীয়া আদিত বিলৰ পাৰৰ বসতি অঞ্চলৰ শ-শ ঘৰৰ কেঁচা শৌচালয়ৰ বাবেও বিলৰ বৰ্তমান পৰিৱেশ বহু পৰিমানে দূষিত হৈ পৰিছে৷ যাৰ ফলত বিলৰ হাজাৰ হাজাৰ মাছ-পুঠি দূষিত পানীৰ বাবে মাজে মাজে মৃত্যুবৰণ কৰি বিলৰ পানীত উপঙি থকা দেখা যায়৷ বিলৰ দাতিকাষৰীয়া অঞ্চলৰ বহু পৰিয়ালৰ লোকে এই বোৰ দেখি-শুণি ঘিনা উপজাত ক্ৰমাত এতিয়া মৰিকলং বিলৰ মাছ খাবলৈকে এৰি দিয়া লেখিয়া হৈছে৷ পূৰ্বতে এই মৰিকলং বিলৰ মাছ বুলে চহৰে-নগৰে মানুহৰ সুত ববলৈ ধৰিছিল মৰিকলং বিললৈ মাছ নিবলৈ বুলি৷ আনহাতে, কিছু বছৰৰ আগলৈকে মৰিকলং বিলত বৰষি বাবলৈ অহা দূৰ-দূৰনীৰ লোকে লোকাৰণ্য হৈ পৰিছিল বিলৰ দুয়ো পাৰ৷ বহু লোকৰ মাছ খোৱাতকৈ ধৰাটোহে এক প্ৰকাৰৰ চখ৷ তৎচতেও প্ৰতিজনৰ বৰষিত দুই-তিনি পৰা আঠ-দহ কেজি মাছ কেবল বৰষিতে উঠিছিল৷ সেই সকল বৰষি বাউতাই পিছত আনন্দ মনেৰে মাছ বিলাই দিহে ঘৰমুৱা হৈছিল৷ নগাঁও চহৰৰ বহু সম্ভ্ৰান্ত পৰিয়ালৰ চৰকাৰী উচ্চ-প্ৰদস্থ আমোলা-বিষয়া,অৱসৰপ্ৰাপ্ত বিষয়া-শিক্ষক-কৰ্মচাৰী,ব্যৱসায়ী,চৰকাৰী চাকৰিয়াল স্বামী-স্ত্ৰী দুয়ো অফিছ-কাছাৰী বন্ধৰ দিনত মৰিকলং বিলৰ গাতে লাগি থকা নগাঁও বন বিভাগৰ অধিনস্থ সামাজিক বনানি কৰণৰ সৰু পাৰ্ক খনত যন্ত্ৰ চালিত বৰষিৰে মাছ ধৰি আনন্দত বিভুৰ হৈ পৰিছিল৷ আজি যে সেই সকলোবোৰ দৃশ্য এক নষ্টালজিয়াত পৰিণত হল৷ বৃহত্তৰ অঞ্চলৰ বহু কেইজন জ্যেষ্ঠ ব্যক্তিৰ চকুৰ সন্মুখতে তাহানিৰ বোৱতী সুতিত গা-ধোৱা, কাপোৰ ধোৱা, ঘৰৰ অন্যান্য কামৰ বাবে পানীৰ এক মাত্ৰ সমল কলং নৈ লগত সংলগ্ন হৈ থকা এটি সুতি মৰাকলং খন ১৯৫০ চনৰ বৰভূইকম্পত এৰাসুতিত পৰিণত হল৷ তেতিয়াৰে পৰা পূৰ্বৰ কলং নৈৰ সুতি মৰাকলঙৰ পৰা মৰিকলং লৈ ৰূপ ললে৷ সময়ৰ গতিত মৰাকলং সুতি পৰা মৰিকলং বিললৈ পৰ্যবসিত হল৷ আজি প্ৰশাসনক চকুত আঙুলি দি দেখুৱাই দিলেও একো নেদেখাৰ ভাওঁ জুৰাহে পৰিলক্ষিত হৈছে৷ এই ক্ষেত্ৰত স্থানীয় পুৰণি বাসিন্দা সকলৰ নীৰৱ স্থিতিয়ে নতুন নতুন বেদখলকাৰীক আৰু অধিক সাহস যোগোৱাৰ অনুমান কৰে বহু সচেতন লোকে৷ এনে অৱস্থাত নগাঁও জিলা প্ৰশাসন-সদৰ ৰাজহ চক্ৰ বিষয়াই কোনো বিশেষ কাৰ্যকৰী ব্যৱস্থা হাতত নললে অতি সোনকালে ঐতিহাসিক মৰিকলং বিলৰ অৱস্থান ইতিহাসৰ বুকুত হেৰাই যোবাৰ সম্ভাৱনাই অধিক প্ৰবল হৈ পৰিছে৷

Leave A Reply