Breaking

সাংবাদিকক গালি-গালাজ কৰাৰ অপৰাধত নিলম্বিত হ’ল হোজাইৰ এছ আই

0 83

অসমৰ হোজাই জিলাত শনিবাৰে এগৰাকী সাংবাদিকক গালি-গালাজ কৰাৰ অপৰাধত নিলম্বিত হ’ল এজন আৰক্ষী বিষয়া।সূত্ৰ অনুসৰি ভাস্কৰ বৰা নামৰ বিষয়াজন হোজাই থানাৰ উপ-পৰিদৰ্শক আছিল।

শিৱদয়াল সিং নামৰ এজন সাংবাদিকে বৰাই তেওঁক বেয়া ব্যৱহাৰ আৰু গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন কৰে।শুকুৰবাৰে নিশা তেওঁক অবৈধভাৱে থানালৈ কিনি আনি নিৰ্যাতন চলোৱা বুলিও জানিবলৈ দিয়ে।

ঘটনাৰ পিছতে জিলা সাংবাদিক সন্থাই লিখিত অভিযোগ দাখিল কৰে যাৰ ভিত্তিত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই আৰক্ষী বিষয়াজনক তৎক্ষণাত নিলম্বন কৰে।আৰক্ষী অধীক্ষকৰ এই পদক্ষেপৰ শলাগ লয় হোজাই সাংবাদিক সন্থাই।

Leave A Reply