Breaking

হোজাইত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন

0 1,373

হোজাই, ৩ ডিচেম্বৰ: বৃহস্পতিবাৰে হোজাইৰ গোপাল নগৰস্থিত আব্দুল খালিক মেমৰিয়েল হাই স্কুলত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন কৰা হয়। সৰ্বশিক্ষা অসম, যোগীযান শিক্ষাখণ্ডৰ উদ্যোগত হোজাইৰ উক্ত হাই স্কুলত হোৱা আন্তৰ্জাতিক দিব্যাংগ দিৱস সমাজত দিব্যাংগৰ প্ৰতি সচেতনতা সৃষ্টিৰ লক্ষ্যৰে হোৱা অনুষ্ঠানত স্বাস্থ্য শিবিৰ, অনান্য প্ৰতিযোগীতা কুইজ, নৃত্য, কবিতা আবৃত্তি আদিৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভৰ পূৰ্বে বিদ্যালয়ৰ প্রধান শিক্ষক কিতাব আলীয়ে আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ পতাকা উত্তোলন কৰে আৰু মূখ্য অতিথি হিচাপে  যোগীযান প্রাথমিক শিক্ষা খণ্ডৰ বিষয়া জিতেন ডেকাৰ লগতে অন্যান্য বিশিষ্ট অতিথি সকল উপস্থিত থাকে। অনুষ্ঠানৰ সভাত দিব্যাংগৰ বিশেষ শিক্ষক জয়ন্ত চৌধুৰীয়ে কয় যে, “বিশেষভাৱে সক্ষম হোৱাতো অভিশাপ নহয়, এটা কথা সত্য যে এনে লোক সকল বহু ক্ষেত্ৰত সাধাৰণ লোকসকলতকৈ পাৰ্গত, তেওঁলোকক কোন ক্ষেত্ৰতে উপেক্ষা কৰা উচিত নহয়, সকলোকে সমান ভাৱে চোবা উচিত।” হোজাইৰ উক্ত বিদ্যালয়ত হোৱা অনুষ্ঠানত ৬০ গৰাকী বিশেষ ভাৱে সক্ষম লোক অভিভাবক তথা অনান্য স্থানীয় লোকসকল উপস্থিত থাকে।

Leave A Reply