Breaking

হোজাইত সংঘটিত হয় এক শোকাৱহ ঘটনা: হোজাই ৰে’ল ষ্টেচনত এজন লোকৰ মৃতদেহ উদ্ধাৰ

0 1,239

হোজাই, ২৪ ডিচেম্বৰ:  হোজাইত নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা, ৰে’ল ষ্টেচনত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত লোকজনৰ নাম গংগাপ্ৰসাদ শাহু (৫০) আৰু তেওঁৰ ঘৰ হোজাই তেলিবস্তিৰ বুলি জানিব পৰা গৈছে। উজনিমুৱা নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছৰ পৰা পৰি মৃত্যু হয় লোকজন। হোজাই ৰে’ল আৰক্ষীয়ে ঘটনাৰ বিষয়ে বিবৰি কয় যে ২ নং প্লেটফৰ্মৰ কাষৰ ৩ নং ট্ৰেকত এজন মানুহ পৰি থকা বুলি নিশা প্ৰায় ১ বজাত হোজাই ষ্টেচন মাষ্টাৰৰ পৰা খবৰ পায় আৰু ততাতৈয়াকৈ ঘটনাস্থলীত ৰেল আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃত লোকজনৰ পৰা ভোটাৰ আই ডি লগতে এখন মোবাইল উদ্ধাৰ কৰে। লোকজনে উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ যোগে নতুন দিল্লীৰ পৰা হোজাইলৈ আহি আছিল, কিন্তু হোজাই ষ্টেচনত বিগত প্ৰায় ১৫ দিনৰ পৰা হোজাইৰ ষ্টপেজ উঠাই দিয়ে, গতিকে চলন্ত ৰে’লৰ পৰা জপিয়াই নামোতে ভাৰসাম্য হেৰুৱাই মৃত্যু হোৱা বুলি সন্ধেহ প্ৰকাশ কৰে ৰে’ল আৰক্ষীয়ে। হোজাই ৰে’ল আৰক্ষীয়ে মৃত লোকজনৰ মৰুণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে। দিল্লীৰ পৰা হোজাইৰ ঘৰলৈ বুলি অহা গংগাপ্ৰসাদ শাহু নামৰ লোকজন শোকাৱহ ঘটনাৰ ফলত মৃত্যু হোৱাত চাঞ্চল্যই বিৰাজ কৰিছে গাওঁখনত।

Leave A Reply