Breaking

ক’ভিড-১৯ ৰ নীতি-নিৰ্দেশনাৰ মাজত ইটাখোলাত পবিত্ৰ ঈদ-উল-ফিতৰ পালন

0 2,059

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ ইটাখোলাতো ইছলাম ধৰ্মালম্বী লোকসলকলে আজি ঈদ-উদ-ফিতৰ পালন কৰে। বিগত এমাহ কালযোৰা ৰমজানৰ ৰোজা ৰখাৰ পাছত আজি ঈদ উৎসৱ পালন কৰে স্থানীয় ইছলাম ধৰ্মালম্বী লোকসকলে। ক’ৰোণা মহামাৰীৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ লোৱাৰ ফলত বিগত বছৰ বোৰৰ দৰে এইবাৰ ইটাখোলাৰ ঈদ্গাহৰ পথাৰত সমুহীয়া নামাজ পঢ়াৰ পৰা বিৰত থাকি নিজ নিজ গৃহতেই লোকসকলে ঈদৰ নামাজ পঢ়ে। স্থানীয় ইছলাম ধৰ্মালম্বীলোকে নিজৰ লগতে বিশ্বৰ সকলো লোকৰ হৈ ক’ৰোণা মহামাৰীৰ পৰা পৰিত্ৰান পাবলৈ লগতে ৰাজ্যখনত দেখা দিয়া প্ৰাকৃতিক দুৰ্য্যোগৰ পৰা ৰক্ষা পাবৰ বাবে আল্লাৰ উচৰত প্ৰাৰ্থনা জনায়। যদিও ক’ৰোণা মহামাৰীয়ে ভয়ংকৰ ৰূপধাৰণ কৰিছে তথাপিও সামাজিক দূৰত্ব মানি চলি স্থানীয় ইছলাম ধৰ্মীয় লোকসকলে ঈদৰ বজাৰৰ বাবে স্থানীয় বজাৰসমুহত ভিৰ কৰা পৰিলক্ষিত হৈছিল। 

Leave A Reply