Breaking

কাইলৈৰ পৰা পবিত্ৰ ৰমজান মাহ…

0 1,320

ইছলাম ধৰ্মাৱলম্বী মুছলমান সকলৰ পূণ্যময়ী আৰু পৱিত্ৰ ৰমজান মাহ সমাগত। ৰমজানৰ আগমনক’লৈ বিশ্ব মুছলমান সকলৰ মাজত বিৰাজ কৰিছে আনন্দ-উছাহ। এটা বছৰ প্ৰতিক্ষাৰ অন্তত দয়া, কল্যাণ আৰু ক্ষমা’লৈ মুছলমান সকলৰ দুৱাৰডলিত আহি উপস্থিত হোৱাৰ ক্ষণ গণি থকা পূণ্যময়ী মাহ ৰমজানক আদৰিবলৈ বিশ্বৰ মুছলমান সকলে চলাইছে ব্যাপক প্ৰস্তুতি।বিশুদ্ধ মনেৰে ৰমজান মাহত বিভিন্ন ধৰণৰ এবাদত-বন্দেগী কৰিবলৈ ইতিমধ্যে সাজু হৈছে মুছলমান লোক সকল। পৱিত্ৰ ৰমজান মাহত মুছলমানসকলে ৰোজা পালন কৰিব।


দেওবাৰ অৰ্থাৎ ৩ এপ্ৰিলৰ পৰা আৰম্ভ হব ৰমজান মাহ। ইছলামিক ক্যালেন্ডাৰ অনুসৰি আৰবী বছৰৰ নৱম মাহ হৈছে ৰমজান।
ইছলামীক বিধান অনুসৰি ৰমজান হৈছে উপবাসৰ মাহ। এই মাহত মুছলমান সকলে দিনটো উপবাসে থাকি ৰোজা অৰ্থাৎ ব্ৰত পালনৰ দ্বাৰা ধৰ্মীয় কাৰ্য আৰম্ভ কৰে। তদুপৰি প্ৰতিদিনে পাঁচ বাৰ নামাজ পঢ়া’কে ধৰি বিভিন্ন ধৰণৰ এবাদত আৰম্ভ কৰে। ইছলাম ধৰ্মী লোকবিশ্বাস মতে, এই মাহত প্ৰভুৰ উপাসনা বা ধৰ্ম কাৰ্য কৰিলে অন্য মাহৰ তুলনাত অনেক ধবেচি পূণ্য বা ছোৱাব পোৱা যায়। তাৰোপৰি ৰোজা পালন কাৰীৰ কাৰণে মহান আল্লাহে জান্নাতৰ দৰ্জাসমূহ উন্মুক্ত কৰি দিয়ে।

Leave A Reply