Breaking

ৰঙিয়াত বুধবাৰৰ পৰা আৰম্ভ হয় অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰী

0 539

ৰঙিয়া চেম্বাৰ্ছ্ অৱ কমাৰ্ছৰ সহযোগত প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বুধবাৰৰ পৰা ৰঙিয়াত হোম ডেলিভাৰীৰৰ প্ৰক্ৰিয়া আৰম্ভ।

ৰঙিয়া চহৰৰ ১০‌ টা ওৱাৰ্ডত কোভিডে সৃষ্টি কৰা সন্ত্ৰাসৰ সময়ত এই‌ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ হোম ডেলিভাৰী চলিব।

ৰাইজৰ সুবিধা তথা চৰকাৰে জাৰি কৰা SOP ভংগ কৰি যাতে জনসাধাৰণে জনসমাগম এৰি চলিব পাৰে তাৰ বাবেই এই ব্যৱস্থা হাতত লয়।

বৰ্তমান ৰঙিয়াত ৪ খন ব্যৱসায়িক প্ৰতিষ্ঠানক ইয়াৰ বাবে প্ৰশাসনে অনুমতি প্ৰদান কৰিছে।

প্ৰতিষ্ঠান কেইখন হল ক্ৰমে এলাইট মাৰ্ট,দাস ষ্টৰ,গিতাঞ্জলি এণ্টাৰপ্ৰাইজ্,মাছুম ষ্টৰ ।

এই হম ডেলীভাৰি সম্পূৰ্ণ বিনামূলীয়া হব বুলিও জনাই চেম্বাৰ্ছ অব কমাৰ্ছৰ সভাপতি গৰাকীয়ে ।

প্ৰতিষ্ঠান কেইখনে ৰাইজৰ বাবে হোৱাটচএপ নম্বৰ মুকলি কৰিছে।

এই নম্বৰ কেইটা হল এলাইট মাৰ্ট 03621-796090,9678880643,8876725161.
দাস ষ্টৰ 8638768854,9101676976
গীতাঞ্জলি এণ্টাৰপ্ৰাইজ 9435114191,9864140151 .

Leave A Reply