Breaking

দুইটা কিডনীয়েই বিকল হৈ মৃত্যুৰ সৈতে যুঁজ কৰিছে এজন গৃহৰক্ষী জোৱানে

0 522

কম মাহেকীয়া পাৰিশ্ৰমিকেৰে গৃহৰক্ষী জোৱান হিচাপে সেৱা আগবঢ়াই পৰিয়াল চলাইছিল লভিত বৰপাত্ৰই । সাংসাৰিক জীৱনো আৰম্ভ কৰিছিল । দেউতাক হোৱা কেইটামান মাহ হৈছিলহে মাথোঁ । কিন্তু নিয়তিৰ কি যে খেলা । ডিব্ৰুগড়ৰ লাহোৱাল থানাত কৰ্মৰত গৃহৰক্ষী জোৱান লভিত বৰপাত্ৰৰ দুইটা কিডনী বৰ্তমান বিকল হৈ পৰিল । উন্নত চিকিৎসাৰ বাবে পৰিয়ালে পঞ্জাৱ চণ্ডীগড়ৰএখন চিকিৎসালত চিকিৎসা কৰাই আছে যদিও চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে ধন । ইতিমধ্যে জোৱান জনৰ চিকিৎসাৰ বাবে লাহোৱাল পাত্ৰ গাঁৱৰ পিতৃ গৃহৰ সকলো মাটি সম্পত্তি বিক্ৰী শেষ কৰিছে পৰিয়ালৰ লোকে । এনে পৰিস্থিতিত পৰিয়ালটোৱে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ,স্বাস্থ্যমন্ত্ৰীৰ লগতে অসমবাসীৰ পৰা সহায়ৰ বাবে আহ্বান জনাইছে । সকলো হৃদয়বান লোকৰ অকনমান সহাতয় সুস্থ হৈ উঠিব পাৰে লভিত বৰপাত্ৰ ।

Leave A Reply