Breaking

নগাঁৱলৈ দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ

0 2,112

২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ।দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিশ্বৰ ভিতৰতে  সৰ্ববৃহৎ লিংগাকাৰ ১২৬ ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰত আকাশমাৰ্গেৰে আহি উপস্থিত হ’ব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ।

২০০৪ চনৰ পৰায়ে বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল ১২৬ ফুট উচ্চতাৰ মন্দিৰৰ । এই বৰ্ষৰ ২২ ফেব্ৰুৱাৰী পৰা স্থিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছতেই মাঘী পূৰ্ণিমা অৰ্থাৎ অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ ।

লগতে গৃহমন্ত্ৰী অমৃত শ্বাসৰ আগমনৰ বাৰ্তা পাই এতিয়া মন্দিৰ কতৃপৰ্ক্ষই দিনে-নিশাই প্ৰস্তুতি অব্যাহত ৰাখিছে । নিৰ্মাণ কৰা হৈছে হেলিপেড ।

সজাই-পৰাই তোলা হৈছে মন্দিৰৰ চৌপাশ । মন্দিৰ কতৃপৰ্ক্ষৰ সমান্তৰালভাৱে দেশৰ গৃহমন্ত্ৰীৰ আগমনৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে প্ৰশাসনো । আজি সমগ্ৰ প্ৰস্তুতিৰ বুজ লবৰ বাবে উপস্থিত হ’ব অসম চৰকাৰৰ বিত্ত,স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

Leave A Reply