Breaking

দেশৰ ১৪০ আৰক্ষীলৈ গৃহমন্ত্ৰালয়ৰ মেডেল, অসমৰ ৪ আৰক্ষীলৈ অনুসন্ধানমূলক মেডেল

0 36

অসম আৰক্ষীৰ চাৰি গৰাকী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰদান কৰে মেডেল।

অনুসন্ধানৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ ভিত্তিত গৃহমন্ত্ৰালয়ে প্ৰতি বছৰে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই মেডেল প্ৰদান কৰি আহিছে।

এইবাৰ দেশৰ ১৪০ গৰাকী আৰক্ষীলৈ এই মেডেল প্ৰদান কৰা হয়। অসমৰ ডি চি পি সুৰজিত সিং পানেচাৰ, পৰিদৰ্শকদ্বয় দুৰ্গা কিংকৰ কুমাৰ আৰু আৰিফুল হক আৰু উপ পৰিদৰ্শক এম থাডৈ সিংহক উৎকৃষ্ট অনুসন্ধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে মেডেল প্ৰদান কৰে।

উল্লেখ্য যে অসম লোক সেৱা আয়োগৰ বৃহৎত কেলেংকাৰীৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেচাৰে বক্ৰ পথেৰে এপিএছ আৰু এচিএছ চাকৰি লোৱা একাংশক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে লোক সেৱা আয়োগৰ তদনান্তীন অধ্যক্ষ ৰাকেশ পালসহ একাংশ বিষয়াক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। সম্প্ৰতি উক্ত গোচৰ আদালতৰ বিচৰাধীন হৈ আছে।

Leave A Reply