মুখ্য-পৃষ্ঠা

India Israel arms export: ভাৰতৰ পৰা ইজৰাইললৈ অস্ত্ৰ-শস্ত্ৰ, সামৰিক সজুলিৰ ৰপ্তানি বাতিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন

ভাৰতৰ পৰা ইজৰাইললৈ সশস্ত্ৰ সামগ্ৰীৰ ৰপ্তানি(India Israel arms export) বাতিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত এখন জনস্বাৰ্থ জড়িত আবেদন দাখিল। আবেদনখনত আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইনৰ উলংঘন আৰু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহৰ পৰিপন্থী বুলি অভিযোগ।

Encounter in Dantewada: ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰে হোৱা মুখামুখি সংঘৰ্ষত ৬ গৰাকী মহিলাসহ নিহত ৯ মাওবাদী

ছত্তীশগড়ৰ দন্তেওৱাড়া আৰু বিজাপুৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰে হোৱা মুখামুখি সংঘৰ্ষত ৯ জন মাওবাদী নিহত হৈছে(Encounter in Dantewada)। সংঘৰ্ষৰ কথা উল্লেখ কৰি দন্তেওৱাড়া আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে। জিলাখনৰ সহকাৰী আৰক্ষী অধীক্ষক (ASP) আৰ কে বৰ্মনে জানিবলৈ দিছে যে নিহত মাওবাদীকেইজনৰ ভিতৰত ৬ গৰাকী মহিলা সদস্যাও আছে(Security Forces Kill 9 Naxalites) । তাৰোপৰি আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

Anti-Rape Bill: পশ্চিমবংগ বিধানসভাত গৃহীত ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’

ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’ৰ এটা গুৰুত্বপূৰ্ণ নতুন সংযোজনত ধৰ্ষণকাৰীক ধৰ্ষণৰ ফলত কোনো নাৰী ক’মাত পৰিলে ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ ব্যৱস্থা কৰা হৈছে(Anti-Rape Bill)। এই বিধানে মুম্বাইৰ অৰুণা শ্বানবাগৰ গোচৰৰ কথা মনত পেলাই দিয়ে । নিজৰ চিকিৎসালয়ত ধৰ্ষিতা হোৱা নাৰ্ছগৰাকীয়ে প্ৰায় ৪০ বছৰ ধৰি ক’মাত আছিল। কিন্তু ধৰ্ষণকাৰীক মৃত্যুদণ্ড বিহা নহ’ল।

Online Trading Scam: বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই বতাহত মিলি গ’ল স্বল্পখ্যাত অভিনেত্ৰী চুমী বৰা

নিশাটোৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখা একাংশ লোকৰ দুৰ্বলতাকে অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰি ৰাজ্যত এতিয়া দুষ্ট চক্ৰই মেলি দিছে অনলাইন ট্ৰেডিঙৰ জাল(Online Trading Scam)। সেই জালত বন্দী হৈছে অসমৰ হাজাৰ হাজাৰ লোক । কম সময়তে ধনী হোৱাৰ সপোন দেখা সেইসকল লোকক সহজে আকৰ্ষিত কৰিবলৈ নামি পৰিছে আনকি ৰাজ্যৰ স্বল্পখ্যাত অভিনেত্ৰীও(Assam Actress Sumi Bora Involved in Major Online Trading Scam)।

Online Trading Scam: অনলাইন ট্ৰেডিঙৰ নামত দেৰগাঁৱতো লুণ্ঠন কোটি কোটি টকা

দেৰগাঁৱৰ বৰ পুখুৰী পাৰাৰ ভাস্কৰ ভূষণ বৰুৱা নামৰ এজন যুৱকৰ বিৰুদ্ধে বহু লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযুক্ত ভাস্কৰ ভূষণ বৰুৱাই একাংশ এজেণ্ট নিয়োগ কৰি জিলাখনত প্ৰৱঞ্চনাৰ এক ভয়ানক জাল মেলি বহু লোকক সৰ্বহাৰা হ'ব লগা পৰিস্থি্তিলৈ লৈ যোৱা বুলিও অভিযোগ উত্থাপিত হৈছে(Online Trading Scam)।

Popular