Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

লেখাপানীত হাতী খেদিবলৈ গৈ মোমায়েকে সাজি থোৱা বিদ্যুতৰ ফান্দত লাগি ভাগিনীয়েকৰ মৃত্যু

লিডু তিনিচুকীয়া জিলাৰ লেখাপানীত বনৰীয়া হাতী খেদিবলৈ গৈ মোমায়েক সজা বিদ্যুতৰ ফাণ্ডত লাগি ভাগিনীয়েকৰ মৃত্যু। উল্লেখ্য যে প্ৰায় এমাহ ধৰি জাগুন তথা লেখাপানী অঞ্চলত নিতৌ দিনে নিশাই সমানেই বন্যহস্তিৰ মুক্ত বিচৰণত আতঙ্কিত হৈ অনিশ্চয়তাৰ
Read More...

নগাঁৱত শিল্পীক অসম চলচিত্ৰ সমাজ, বেংক অৱ বৰোডাৰ সাহায্য

নগাঁও লকডাউনৰ বাবে উপাৰ্জনহীন হৈ পৰা অসমৰ শিল্পীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম চলচিত্ৰ সমাজ আৰু বেংক অৱ বৰোডা। নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অভিনেতা যতীন বৰা, বিশিষ্ট ছবি পৰিচালক ড° পাৰ্থজিৎ বৰুৱা, মানস বৰুৱা, কৃষ্ণমণি নাথ আদি বহু
Read More...

গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ ২৯ বছৰীয়া মুখবধিৰ যুৱক নিৰুদ্দেশ

গৌৰীপুৰ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ মুখবধিৰ এজন যুৱক নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালটোত এক শোকৰ ছাঁ পেলাইছে৷ ঘটনাৰ বিৱৰণী মতে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ গাঁও পঞ্চায়তৰ
Read More...

সদৌ মৰাণ ছাত্ৰ সন্থা আৰু ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

ডিৰাক সীমান্তসমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত সমগ্ৰ বিশ্বৰ আন আন প্ৰান্তৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰো শিক্ষা জীৱনত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। দেশত ল’ক ডাউনৰ ফলত মাৰ্চ মাহৰ মাজভাগৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ
Read More...

গোলাঘাটত কোৱাৰেণ্টাইন কক্ষৰ পৰা পলাল ব্যক্তি

গোলাঘাট গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মঙলবাৰে নিশা ঘটিল এক অঘটন। যোৱা ১ মে'ত বোকাখাত চিকিৎসালয়ৰ পৰা ক'ভিড-১৯ সন্দেহত মুকুল মিত্ৰ নামৰ এজন লোকক প্ৰেৰণ কৰিছিল গোলাঘাটৰ চিকিৎসালয়লৈ। কোৱাৰেণ্টাইন কক্ষত যাৱতীয় পৰীক্ষা চলি
Read More...

নগাঁৱত চোৰাং কাঠ জব্দ

নগাঁও লকডাউনৰ মাজতেই নগাঁৱৰ কঠিয়াতলীৰ নেপালী খুঁটিত বন বিভাগে অভিযান চলাই মঙলবাৰে নিশা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। কাৰ্বি আংলং পাহাৰৰ পৰা হৰেন বৰা নামৰ এজন ব্যক্তিয়ে আনি মজুত ৰাখিছিল কাঠখিনি। স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগে
Read More...

লকডাউনৰ সুযোগ লৈ একাংশ পাচলি ব্যৱসায়ীৰ লুণ্ঠন : জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা মূল্যতকৈ তিনিগুণ…

নাজিৰা  সম্প্ৰতি ক’ৰ'ণাতংক তথা লকডাউনৰ আতংকময় পৰিস্থিতিৰ মাজতেই নাজিৰা মহকুমাবাসী জনগণক পদে পদে খেদিছে শাক-পাচলি তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ আতংকই৷ চৰকাৰ তথা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চূড়ান্ত অসহায়তাৰ
Read More...

খাটিখোৱা শ্ৰমিকক মাস্ক বিতৰণ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ

ডিমৌ ক'ৰ’ণা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলোৱে লৈছে বিভিন্ন সাৱধানতামূলক ব্যৱস্থা। কিন্তু বাদ পৰি ৰৈছে চাহ শ্ৰমিকসকল। সেয়ে ডিমৌত আটছাৰ উদ্যোগত প্ৰতি দিনাই নিজৰ ভাতমুঠি মোকলাবলৈ প্ৰখৰ ৰ'দত বাগানত পাত চিঙাত ব্যস্ত থকা শ্ৰমিকসকলক একোটাকৈ
Read More...

নাজিৰা, শিমলুগুৰি নগৰত এক তৃতীয়াংশ দোকান খোলাৰ ব্যৱস্থা : ৰেড জ’নৰ পৰা অহা ৯ জনৰ পৰীক্ষাৰ…

নাজিৰা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তৃতীয় পৰ্যায়ৰ লকডাউনৰ নিৰ্দশনাৱলী সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰা নিয়মবোৰ মানি চলি নাজিৰা মহকুমা প্ৰশাসনে প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত
Read More...

দৰং জিলাৰ দেউমৰনৈ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

ওদালগুৰি মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা  দেওমৰনৈ অসামৰিক চিকিৎসালয়ৰ সকলো স্বাস্থ্য কৰ্মীক দৃষ্টি নামৰ ছ’চি মিডিয়া গ্ৰুপৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা আয়োজন কৰা হৈছিল ৷ ক’ভিড-১৯ য়ে বিশ্বত যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে
Read More...