Breaking

অভয়াপুৰীত হানি খুছি হত্যা মহিলাক ।

0 77

আফ্ৰুজা খাতুন (২৩) নামৰ মহিলা এগৰাকীক ঘৰৰ ভিতৰতে হানি খুছি হত্যা । নিশা নিজ ঘৰৰ শোৱনী কোঠাত আফ্ৰুজা খাতুন স্বামী আৰু একমাত্ৰ তিনি বছৰীয়া পুত্ৰ সন্তানৰ লগত শুই থকা সময়তে এই হত্যাকাণ্ড । পৰিয়ালৰ অভিযোগ মতে অচিনাক্ত দুগৰাকী লোকে সিন্ধি দি (গাঁত খান্দি) ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এই হত্যাকাণ্ড সংঘটিত কৰে ।

হত্যাকাণ্ড সংঘটিত কৰি অচিনাক্ত লোক দুগৰাকী পলাই যায় । মহকুমা আৰক্ষী বিষয়া নিতুমনি দাসৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।আৰক্ষীয়ে ইতিমধ্যে মৃত মহিলা গৰাকীৰ স্বামী ছাহাজুল ইছলামক সোধপোছৰ বাবে আৰক্ষী থানালৈ লৈ গৈছে ।হত্যাকাণ্ড সংঘটিত কৰা কাৰ্য্যত ব্যৱহৃত কৰা চোকা অস্ত্ৰ আৰু কিছু সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে ।মৃত আফ্ৰুজা খাতুনৰ পৰিয়ালে সন্দেহ কৰা মতে এই হত্যাকাণ্ডৰ লগত মৃতকৰ স্বামী ছাহাজুল ইছলাম জড়িত।

Leave A Reply