Breaking

কামৰূপৰ বাইহাতা চাৰিআলিত সংঘটিত ভয়ংকৰ ঘটনা ! নিৰ্মীয়মান উৰণীয়া সেতুৰ বীম খহি পৰি থিতাতে নিহত এজন…

0 99

কামৰূপৰ বাইহাতা চাৰিআলিত সংঘটিত ভয়ংকৰ ঘটনা ।

নিৰ্মীয়মান উৰণীয়া সেতুৰ বীম খহি পৰি থিতাতে নিহত এজন ।

27নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাতাৰ বাইপাছত উৰণীয়া সেতুৰ নিৰ্মান কাৰ্য চলি আছিল ।

উৰণীয়া সেতুৰ ওপৰৰ পৰা খহি পৰিছিল প্ৰকাণ্ড বীম ।

কাঠৰ ওপৰত থিয় কৰাই ৰাখিছিল অতিকৈ ওজনৰ এই বীম সমূহ ।

নিহত লোক জনৰ ঘৰ ৰঙিয়াৰ খন্দীকৰত বুলি জানিব পৰা গৈছে ।

বাছত বাদাম ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিছিল লোক জনে ।

থিতাতে নিহত হয় নিৰীহ লোক জন ।

ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বাইহাতা ।

ৰাইজৰ প্ৰতিবাদৰ ফলত গুৱাহাটী নলবাৰী মংগদলৈ তেজপুৰ যোৱা পথ বন্ধ হৈ পৰিছে ইতিমধ্যে ।

Leave A Reply