Breaking

বগীবিল দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা; দুখন ৪ চকীয়া বাহন আৰু এখন বাইকৰ মাজত প্ৰচণ্ড খুন্দা; বাইক আৰোহীজনৰ থিতাতে মৃত্যু

0 311

এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয় বগীবিল দলঙত (Bogibeel Bridge)

এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয় বগীবিল দলঙত (Bogibeel Bridge)। দুখন চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত এজন লোক নিহত (Bike Rider Died) হোৱাৰ লগতে আহত তিনিজন লোক (2 four Wheeler Car And Bike Collided)

বগিবিল দলঙৰ ওপৰত দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মুখামুখি সংঘৰ্ষৰৰ ফলত এখন চাৰিচকীয়া বাহন দলঙৰ ওপৰতে বাগৰি পৰে।

প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে পুৱা ৮:৩০ বজাতে চিলাপথাৰ দিশৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AR01H/1975 নম্বৰ বগা ৰঙৰ পিজাৰিঅ স্পৰ্টছ বাহন আৰু চিলাপথাৰ দিশৰ পৰা যোৱা AR01J/9465 নম্বৰৰ বগা হোন্দা ক্ৰেটা বাহন দুখনৰ মাজত মুখামুখি সংঘৰ্ষৰৰ ফলত বগীবিল দলঙৰ ২৯ নম্বৰ খুঁটাৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

ইপিনে হোন্দা ক্ৰেটা বাহনখনৰ পিছে পিছে ডিব্ৰুগড়ৰ অভিমুখে মাছ কঢ়িয়াই নিয়া এজন মাছ ব্যৱসায়ী নিজ AS-22 E- 3120 নম্বৰযুক্ত বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি যোৱা বাহনখনৰ ওপৰত প্ৰচণ্ডভাবে খুন্দিয়াই বহু দূৰলৈকে চিটিকি পৰে আৰু গুৰুতৰভাবে আহত হয়। দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হয় গাড়ী দুখন আৰু বাইকখন।

মৃত বাইক আৰোহীজন তিনিঘৰীয়াৰ বাবা মিলি বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত বহু সময় ধৰি বগীবিল দলঙৰ (Bogibeel Bridge) দুয়োকাষে শ শ যান বাহন আবদ্ধ হৈ পৰে।

Leave A Reply