Breaking

নাজিৰাৰ লক্ষ্মীজানত ভয়ংকৰ পথ দুৰ্ঘটনা…

0 28

নাজিৰাত আইন শৃংখলাৰ ব্যাপক অৱনতি | নাজিৰা মহকুমা বিভিন্ন প্ৰান্তত আৰক্ষীৰ দিনে-নিশাই পানী নহৰকা তালাচী | কিন্তু এই তালাচী কেৱল মাত্ৰ লঘু বাহনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হোৱা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে | মলবাহী বাহনৰ ক্ষেত্ৰত বিশেষ ৰেহাই অসম আৰক্ষীৰ | যাৰ বাবে গধূৰ তীব্ৰবেগী বাহনে প্ৰায়ে প্ৰাণ কাঢ়ে নাজিৰাত বহু নিৰপৰাধী পথাচাৰীৰ |

লঘু বাহনৰ পৰা ৰাজহ সংগ্ৰহত ব্যস্ত অসম আৰক্ষীৰ বেহু ভাঙিলে উদণ্ড ডাম্পাৰ চালকে | প্ৰাপ্ত তথ্য অনুসৰি নাজিৰাৰ লক্ষ্মীজান Forest গেটৰ সমীপত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে | এখন শিল কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰে সন্মুখৰ পৰা অহা এখন প্লেজাৰ স্কুটি মহতিয়াই নিয়ে | ড্ৰাম্পাৰৰ চকাৰ তলত সোমাই থিতাতে মৃত্যু হয় স্কুটি আৰোহীৰ |

স্কুটি শিকিবলৈ যোৱা কিশোৰী গৰাকীৰ মৃত্যুক লৈ অঞ্চলজুৰি চাঞ্চল্য | জানিব পৰা মতে কিশোৰী গৰাকীৰ পিতৃৰ নাম বিৰেন পানিকা, ঘৰ লক্ষ্মীজান চাহ বাগিচা লাইনত | পৰৱৰ্তী ক্ষণত ঘটনাস্থলীত নাজিৰা আৰক্ষী উপস্থিত হৈ কিশোৰী গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে উদণ্ড ড্ৰাম্পাৰ সহ চালকক আৰক্ষীয়ে আটক কৰিছে | এতিয়া প্ৰশ্ন হয় ? নাজিৰাত চৰকাৰৰ Hit and run এতিয়া কোন দিশে পৰিচালিত হৈছে |

Leave A Reply