Breaking

চাপৰৰ খেৰডুবীত ভয়ংকৰ পথ দুৰ্ঘটনা…

0 79

চাপৰৰ খেৰডুবীত ভয়ংকৰ পথ দুৰ্ঘটনা। খেৰডুবীস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংঘটিত হয় উক্ত ভয়াবহ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন বাইক আৰোহী আন এগৰাকীৰ অৱস্থা সংকটজনক।

বাইক আৰু ট্ৰাকৰ মাজত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনা। পালছাৰ বাইকখনৰ নম্বৰ ক্ৰমে AS 01EM 8086 বাইকখন বিলাসাপাৰা অভিমুখে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা ট্ৰাক এখনে খুন্দিয়াই ঘটনা স্থলীৰ পলায়ন কৰে ট্ৰাকখন।

থিতাতে নিহত হোৱা বাইক আৰোহীজন চামচুমা বড়ো(বৰপেটা জিলাৰ মইনবাড়ীৰ) বুলি জানিব পৰা গৈছে। আনহাতে গুৰুতৰভাৱে আহত মফিদুল ইছলাম বঙাইগাঁও জিলাৰ বালাপাৰা পাললিতলৰ।

সংকটজনক অৱস্থাত প্ৰথম অৱস্থাত চাপৰ প্ৰাথমিক চিকিৎসালয়ত মফিদুল ইছলামক ভৰ্তি কৰে যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰে।

Leave A Reply