Breaking

ধনশ্ৰী চাহ বাগিছাৰ ঘৰে‌ ঘৰে গৈ ১৯গৰাকীক ভেকচিন প্ৰদান

0 2,303

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ধনশ্ৰী চাহ বাগিছাৰ  চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত ১৯ নৱেম্বৰ ২০২১তাৰিখলৈ ভেকচিনেচন কাৰ্যসূচী সুচাৰু ৰূপে সম্পূৰ্ণ কৰিলে আনহাতে আজি ধনশ্ৰী চাহ বাগিছাৰ ঘৰে‌ ঘৰে গৈ ১৯গৰাকীক প্ৰথম পালি ভেকচিন প্ৰদান কৰে আৰু  যি সকল ব্যক্তিয়ে ভেকচিনেচন কেন্দ্ৰত  আহিব পৰা নাই ,যেনে পক্ষাঘাত ৰোগী , মানসিক ভাবে বিকাশ গ্ৰষ্ট, ৮০ ,৯০ বছৰ বয়সৰ  ঊৰ্ধৰ লগতে  অসুস্থ ব্যক্তিৰ ঘৰে‌ ঘৰে গৈ স্বাস্থ্যৰ বুজলৈ ভেকচিন প্ৰদান কৰা হৈছে।আনহাতে মধুমেহ ৰোগী, জ্বৰ হৈ ঘৰত বহি থকা  ব্যক্তি সকলক( labotatory Technician) ভৱেশ শৰ্মা ৰ সহায়ত শৰীৰৰ উষ্ণতা  ,ছুগাৰ পৰীক্ষা কৰি প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে। আজিলৈ দুয়ো পালি ধৰি সৰ্বমুঠ ৩৩৭০ জন হিতাধীকাৰীক ভেকচিন প্ৰদান  সম্পূৰ্ণ কৰা হয়। ধনশ্ৰী চাহ বাগিছাৰ চিকিৎসালয়ৰ অঞ্চলৰ সকলো  জনসাধাৰনক প্ৰথম পালি ভেকচিন ২১ নৱেম্বৰ ২০২১ ভিতৰত গ্ৰহণ কৰিবলৈ স্বাস্থ্যকৰ্মী সকলে  আহবান জনাইছে। ধনশ্ৰী চাহ বাগিছাৰ  চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকল ( বিচিত্ৰ ৰয় , ভৱেশ শৰ্মা , ৰঞ্জিত  নাগ , কেৰলিন মচাহাৰি , সুবোধ গোৱা লা , হীৰা দৈমাৰী , হিৰামনি দৈমাৰী ,আলবিনা কছলা , মাধুৰী, আছিয়ানি, আৰু লুচিয় কীকেটাই ১০০% ভেকচিনেচন সম্পূৰ্ণ কৰিবলৈ‌ চেষ্টা কৰি থকা দেখিবলৈ পোৱা যায়। ধনশ্ৰী চাহ বাগিছাৰ চিকিৎসালয় অঞ্চলৰ ওচৰৰ লাইন নং ক্ৰমে ষ্টাফ লাইন, পথানি লাইন, বাইধৰ লাইন, দিমাচাং লাইন, বৰ্যুলী লাইন, বোম্বাই লাইন, ৫ নং লাইন, ৬ নং লাইন, ৭ নং লাইন, ১৮ নং লাইন আৰু ১৯ নং লাইন ৰ  আশা কৰ্মী  ক্ৰমে যশোদা পাইক, ৰিংকো সনাতন, অঞ্জু আৰু কেশৰী কলটা ক  লগত লৈ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী  laboratory Technician ভৱেশ শৰ্মা , এ এন এম  হীৰা দৈমাৰী ঘৰে ঘৰে‌ গৈ ভেকচিন প্ৰদান কৰা পৰিলক্ষিত হয়। স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা যায়।

Leave A Reply