Breaking

পৰিনীতি চোপ্ৰাই কেনেকৈ ২৮ কেজি ওজন হ্ৰাস কৰিলে? কি কি খাদ্য গ্ৰহণ কৰে পৰিনীতিয়ে…

0 111

বলীউডত অভিষেক ঘটোৱাৰ পূৰ্বে অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ ওজন বহু বেছি আছিল যদিও তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু শক্তিশালী ইচ্ছাশক্তিৰ সহায়ত অসম্ভৱক সম্ভৱ কৰি তুলিলে।বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ ১৩ মে’ৰ নিশা আম আদমি পাৰ্টিৰ সাংসদ ৰাঘৱ চাদ্ধাৰ সৈতে বাগদান প্ৰক্ৰিয়া আৰম্ভ হৈ যায়। এবাৰ তেওঁ ওজন ২৮ কিলোগ্ৰামলৈ হ্ৰাস কৰিছিল। যদি আপুনিও তেওঁৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস অনুসৰণ কৰে, তেন্তে আকাংক্ষিত ফলাফল লাভ কৰিব পাৰিব।

কেনেকৈ কমালে পৰিনীতিৰ ওজন?

১/ কঠোৰ খাদ্য
স্বাস্থ্যসন্মত খাদ্যাভ্যাস গ্ৰহণ নকৰাকৈ আপুনি ফিটনেছ লাভ কৰিব নোৱাৰে। পৰিনীতি চোপ্ৰাই আগতে অতি কঠোৰ খাদ্য নিয়ম মানি চলিছিল। তেওঁ উচ্চ চৰ্বি, উচ্চ কাৰ্ব আৰু মিঠা বস্তুৰ পৰা দূৰত্ব গঢ়ি তুলিছিল। বিশেষকৈ পিজ্জা, বাৰ্গাৰ আৰু ফ্ৰেঞ্চ ফ্ৰাই নাখায় পৰিনীতিয়ে।

২/ স্বাস্থ্যকৰ ব্ৰেকফাষ্ট
পৰিনীতি চোপ্ৰাই ব্ৰেকফাষ্টত ব্ৰাউন ব্ৰেড, মাখন, কণীৰ কুহুম, এগিলাচ গাখীৰ আৰু সতেজ ফলৰ ৰস খাইছিল। স্বাস্থ্যকৰ ব্ৰেকফাষ্টে ওজন নিয়ন্ত্ৰণত ৰাখে।

৩ স্বাস্থ্যকৰ দুপৰীয়াৰ আহাৰ
পৰিনীতি চোপ্ৰাই দুপৰীয়াৰ আহাৰত ব্ৰাউন ৰাইচ, ৰুটি, দালি আৰু সেউজীয়া পাতৰ পাচলি খাই ভাল পায়। ওজন কমাবলৈ লঘু খাদ্য অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হয়

৪/ স্বাস্থ্যকৰ ৰাতিৰ আহাৰ
পৰিনীতি চোপ্ৰাই ৰাতি শোৱাৰ প্ৰায় ২ ঘণ্টা আগতে আহাৰ গ্ৰহণ কৰিছিল। য’ত কম তেলেৰে তৈয়াৰী খাদ্য, সেউজীয়া শাক-পাচলি আৰু এগিলাচ গাখীৰ অন্তৰ্ভুক্ত কৰিছিল।

৫/ ৱৰ্কআউটৰ ওপৰত গুৰুত্ব দিয়া
খাদ্য নিয়ন্ত্ৰণৰ উপৰিও পৰিনীতিয়ে ব্যায়ামৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়ে। জিমত প্ৰায়ে দেখা যায় অভিনেত্ৰী গৰাকীক। এইগৰাকী অভিনেত্ৰীয়েও নিজৰ ছ’চিয়েল মিডিয়াত বহুত ৱৰ্কআউট ভিডিঅ’ শ্বেয়াৰ কৰে। যোগ আৰু ধ্যানৰো সমৰ্থন লয়।

Leave A Reply