Breaking

মহিলাৰ আই পি এলত জয়লাভ কৰি কিমান কোটি টকা পালে মান্ধনাই? খেলত জয় লাভ কৰি মান্ধনাই ক’লে ‘ই চালা কাপ নামডু’…

0 56

এইবাৰ মহিলাৰ আই পি এলত দিল্লী কেপিটেলছক পৰাস্ত কৰি আৰ চি বিয়ে জয়লাভ কৰে। স্মৃতি মান্ধনাই চেম্পিয়ন হিচাপে ট্ৰফী লাভ কৰাৰ উপৰিও লাভ কৰে পুৰস্কাৰৰ ধন। চেম্পিয়ন হোৱাৰ বাবে RCB য়ে লাভ কৰিলে ৬ কোটি টকা। দ্বিতীয় স্থানত থকা দিল্লী কেপিটেলে লাভ কৰে ৩ কোটি টকা। অৱশ্যে পুৰুষৰ আই পি এলৰ পৰা ই বহুত বেলেগ। যোৱা বছৰ মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছে আই পি এল জয়ৰ বাবে ২০ কোটি টকা পুৰস্কাৰ হিচাপে লাভ কৰিছিল। দৌৰবিদ গুজৰাট টাইটানছৰ ১৩ কোটি টকা।


‘ই চালা কাপ নামডু’! আই পি এল জয় কৰাৰ পাছতে আৰ চি বিৰ অধিনায়ক মান্ধনাই ক’লে ‘ই চালা কাপ নামডু’। এই শব্দৰ অৰ্থ হৈছে আমি এইবাৰ কাপ জিকিছো। পূৰ্বতে কৈছিল ‘ই চালা কাপ নামদে’ মানে, আমি এইবাৰ কাপ জিকিম। দলীয় বঁটাৰ লগতে কিছু ব্যক্তিগত বঁটাও লাভ কৰে আৰচিবিৰ ক্ৰিকেটাৰসকলে। প্ৰতিযোগিতাখনত সৰ্বাধিক (৩৪৭) ৰান সংগ্ৰহ কৰাৰ বাবে অৰেঞ্জ কেপ লাভ কৰিছে এলিছ পেৰীয়ে। এই আৰ চি বিৰ অল ৰাউণ্ডাৰে লাভ কৰিছিল ৫ লাখ টকা। আৰচিবিৰ শ্ৰেয়াংকা পাটিলে ১৩টা উইকেটৰে পাৰ্পল কেপ লাভ কৰে। ৫ লাখ টকাও লাভ কৰিছিল।

আৰচিবিৰ খেল আছিল ফাইনেলত দিল্লীৰ বিৰুদ্ধে। প্ৰথমে বেটিং কৰি দিল্লীয়ে ১১৩ ৰানত অল আউট হৈছিল। আৰচিবিৰ হৈ শ্ৰেয়াংকা পাটিলে ৪ আৰু ছফী মলিনিউক্সে ৩টা উইকেট দখল কৰে। ইয়াৰ উত্তৰত ৩টা বল বাকী থকা অৱস্থাত আৰ চি বিয়ে মেচখনত জয়লাভ কৰে।

Leave A Reply