Breaking

বানত আৰু কিমানৰ প্ৰাণহানি হ’লে বান সমস্যাৰ নিৰ্মূল হ’ব! ৰাইজে বিচাৰে বান সমস্যাৰ স্থায়ী সমাধান…

0 41

অসমত এতিয়া বানপানীৰ বিভীষিকা। বানৰ তাণ্ডৱে এতিয়া ত্ৰাহি মধুসূদন দেখুৱাইছে অসমৰ সৰ্বসাধাৰণ জনতাক। সকলো ফালে এতিয়া সৰ্বনাশী বানৰ সংহাৰ, বন্যাৰ্তৰ আৰ্তনাদ, হিয়াভগা কান্দোন। যোৱা কেইদিন হৈ থকা নেৰানেপেৰা মুখলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদকে ধৰি অসমৰ সকলোবোৰ নদীয়েই এতিয়া ওফন্দি উঠি ত্ৰাসৰ সৃষ্টি কৰিছে অসমত। ফলত হাজাৰ হাজাৰ বানাক্ৰান্ত লোকে আজি শিবিৰত থাকি কটাবলগীয়া হৈছে বিনিদ্ৰ ৰজনী। ঘৰ-ভেটি, আচবাব, গৰু-ছাগলী, হাঁহ-কুকুৰা আদি সকলো চকুৰ সন্মুখতে বানত বিলিন হৈ যোৱাৰ পিছত শৰণাৰ্থী শিবিৰত কেৱল নিজৰ প্ৰাণটো বচাই কোনোমতে জীয়াই আছে। না ভালকৈ খাবলৈ পাইছে না ভালকৈ শুবলৈ পাইছে। আজি আৰু নাই আপোন ঘৰখনৰ কোনো অস্তিত্ব, নাই চিন-মোকাম। সকলো নিঃচিহ্ন কৰি পেলালে ‘অসমৰ দুখ’ বুলি চিহ্নিত হোৱা ভয়াৱহ বানে।

বৰ্তমানৰ বানত অসমত ২৮খন জিলাতে প্ৰায় কুৰি লক্ষাধিক লোক আক্ৰান্ত হৈছে। আমি শুনি অহা দিনৰে পৰা অসমক সৰ্বস্বান্ত কৰি আহিছে বানপানীয়ে। এই বান অসমলৈ বছৰি আহা এক  দুৰ্যোগৰ দিন হিচাপেই ভাবিবলগীয়া হৈছে অসমৰ জনসাধাৰণে। প্ৰতিটো বানৰ সময়তে অসমৰ জনসাধাৰণে চৰকাৰক কত অনুনয়-বিনয়, কত আৱেদন-নিৱেদন জনালে বান প্ৰতিৰোধৰ বাবে, অসমৰ ৰাইজক বানপানীৰ পৰা ৰক্ষা কৰিবৰ বাবে। কিন্তু ‘গৰুৰ আগত টোকাৰী বাই কাণ খজুৱাই ঘাঁহ খাই’ আপ্ত বাক্য শাৰীৰ লেখীয়াহে হৈছেগৈ কথাবোৰ। বানৰ সময় বান অহাৰ দৰেই ক্ষমতাত অধিষ্ঠিত ৰাজন্যবৰ্গ আহে বানাক্ৰান্ত ৰাইজৰ কাষলৈ। লৈ আহে কেইটামান খাদ্যৰ টোপোলাৰ লগতে আশ্বাসৰ মেটমৰা বোজা কান্ধত লৈ। প্ৰতি বছৰে সেই একেখন বজাৰেই লৈ আহে বানাক্ৰান্ত লোকসকলৰ ওচৰলৈ। দিছপুৰৰ পৰা হেলিকপ্টাৰত বা বিলাসী  শীত-তাপ নিয়ন্ত্ৰিত গাড়ীত আহি আক্ৰান্ত অঞ্চলত গৈ তেওঁলোক হৈ পৰে একো একোগৰাকী ত্ৰিণকৰ্তা। সেই সময়ত তেওঁলোকে বোকা-পানী সকলো গচকিব পাৰে, একাঁঠু পানীত নামিও জনতাৰ দুখৰ সমভাগী হ’বলৈ আহে। মুখত থাকে কেৱল আশ্বাসৰ গদ্‌গদ্‌ বাণী। ভগা মথাউৰিৰ কাষত থিয় হৈ পুনৰ নিৰ্মাণৰ আশ্বাস। পাৰিলে পূৰ্বৰ চৰকাৰবোৰক দোষ দি গা সৰাৰ চেষ্টা। কিন্তু ৰাইজে কৈছে এনেদৰে আৰু কিমান দিনলৈ থাকিব লাগিব। সৰুতে আমি স্কুলত লিখি অহা বানপানীৰ ৰচনাখন আৰু কিমান যুগলৈ লিখি থাকিব লাগিব। টিলিকতে সকলো সমস্যাৰ সমাধান কৰিব পৰা চৰকাৰখনে এই বান সমস্যাৰ বাবে পূৰ্বৰ চৰকাৰলৈ আঙুলি টোঁওৱাতকৈ তেওঁলোকেই স্থায়ী সমাধানৰ ব্যৱস্থা কৰি ৰাইজৰ দুখ মোচন কৰক। আশ্বাস বহুত হ’ল। আশ্বাসে বান সমস্যাৰ সমাধান নকৰে। ৰাইজে বুজি পাইছে।

এটাৰ পিছত আন এটা মথাউৰি ভাঙি ৰাইজৰ অবৰ্ণনীয় দুৰ্দশাৰ সৃষ্টি কৰিছে। ভগা মথাউৰিৰ কাষত থিয় হৈ মথাউৰিৰ নিৰ্মাণ দ্ৰুতগতিত কৰাৰ আশ্বাস দিছে ৰজাঘৰৰ নেতাই। কোনো কোনো ঠাইত দ্ৰুততাৰে মেৰামতিৰ কামো কৰিছে। সেইটো কিমান স্থায়ী সেয়া বেলেগ কথা। কিন্তু বানাক্ৰান্তক মেৰামতি কৰি দেখুওৱা হৈছে। আশ্বস্ত কৰিব বিচাৰিছে তেওঁলোক যে ৰাইজৰ লগতে আছে। কিন্তু কিমান দিনলৈ মথাউৰি নিৰ্মাণ অথবা মেৰামতি কৰি থাকিব ? ৰাজকোষত ইমানেই ধন আছেনে যে মথাউৰি ভাঙি থাকিব আৰু চৰকাৰে নিৰ্মাণ কৰি থাকিব। কিন্তু বহুত মথাউৰি আছে যিবোৰ নিৰ্মাণৰ পিছতে বানত ভাঙি গৈছে। ইয়াৰ দ্বাৰা বান প্ৰতিৰোধ কৰিব পৰা নাই। এইবাৰ বানতে অসমত ছল্লিচটাৰো অধিক মথাউৰি ভাঙি ত্ৰাসৰ সৃষ্টি কৰিছে। আনহাতে, ইয়াৰে চাৰিটা হ’ল বৃহৎ মথাউৰি। বানপানীৰ পৰা পৰিত্ৰাণৰ বাবে মথাউৰি স্থায়ী প্ৰতিৰোধ ব্যৱস্থা নহয় বুলিয়েই প্ৰতীয়মান হৈছে। কেতিয়াবা এই মথাউৰিৰ বাবে ৰাইজ অধিক আক্ৰান্তহে হয়। যাৰ ফলত মথাউৰি কাটি দিয়াৰো নজিৰ আছে। এতিয়া কথা হ’ল এই মথাউৰিয়ে বানাক্ৰান্ত ৰাইজৰ কিবা উপকাৰ কৰিছে নে নাই সেইটো বেলেগ কথা। কিন্তু শাসক, ৰাজনৈতিক নেতা, ঠিকাদাৰৰ বাবে ই নিশ্চয় লাভজনক কথা। এয়া ভবাৰ অৱকাশ নিশ্চয় আছে। কাৰণ এইবোৰ মেৰামতি অথবা নিৰ্মাণৰ ক্ষেত্ৰত অবাধ ধনৰ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ খবৰ সততে পাই থকা যায়। অলপতে আমাৰ দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে অসমত পুখুৰী খান্দি পানী জমা কৰি বান নিয়ন্ত্ৰণৰ কথা কৈছে। এয়া এক আজব কথা। এয়া অসমৰ বান প্ৰতিৰোধৰ ব্যৱস্থা হ’বই নোৱাৰে। এই পৰিকল্পনাৰ অভিযান্ত্ৰিক পদ্ধতি কি সেয়া চৰকাৰে এতিয়াও স্পষ্ট কৰা নাই। একাংশ বিশেষজ্ঞই ইয়াৰ বাস্তৱতাক একাষাৰে নাকচ কৰিছে। প্ৰতি বছৰে বান আহিব আৰু নেতা-মন্ত্ৰীসকল বন্যাৰ্তসকলৰ ওচৰলৈ গৈ বান শুকালে বান প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ’ব, মথাউৰি মেৰামতি কৰা হ’ব আদি কথা ক’ব। কিন্তু এয়াই জানো বান প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা ? প্ৰতি বছৰে বান আহিব, ৰজাই প্ৰতিশ্ৰুতি দিব এনেদৰে আৰু কিমান বান অতিক্ৰম কৰিব লাগিব ৰাইজে। প্ৰতিশ্ৰুতি বহুত হ’ল। এতিয়া বান সমস্যাৰ স্থায়ী সমাধান লাগে।  অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা বুলি মানি ল’বলৈ আজিও স্বীকাৰ কৰা নাই কেন্দ্ৰীয় চৰকাৰে। যদি সঁচাকৈয়ে চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি গ্ৰহণ কৰক। বান সমস্যাৰ স্থায়ী সমাধান কৰক। তেতিয়াহে ৰাইজ পতিয়ন যাব। এইবাৰৰ বানত ৫০জনতকৈয়ো অধিক লোকৰ প্ৰাণ হানি হ’ল। এয়া বাৰু কাৰ গাফিলতিৰ দোষত ঘটিবলৈ পালে।

ৰাজ্যৰ বান সমস্যা সমাধানতো সুদূৰপৰাহত। গুৱাহাটী মহানগৰীৰ বান সমস্যাই আজিলৈকে সমাধান কৰিব পৰা নাই। এজাক বৰষুণ দিলেই গুৱাহাটী মহানগৰ হৈ পৰে জলমগ্ন। বাৰিষাৰ সময়ত গুৱাহাটীৰ নলা-নৰ্দমা পৰিষ্কাৰৰ কাম কৰে। যাৰ ফলত নলাৰ ওপৰত থকা শ্লেবসমূহ উন্মুক্ত হৈ ৰয়। ৰাস্তাৰ কাম নহয় । ফলত নৰক যন্ত্ৰণাত ভোগে স্মাৰ্ট চিটীৰ নাগৰিক। এনে গাফিলতিৰ ফলতে সিদিনা কণমানি অবিনাশৰ নলাত পৰি অকাল মৃত্যু হ’ব লগা হ’ল। এই কথা অস্বীকাৰ কৰাৰ উপায় নাই। অবিনাশৰ দেউতাকক সান্ত্বনা দিব পাৰিব কিন্তু অবিনাশক ঘূৰাই পাব জানো ? এবাৰ গুৱাহাটীখন ঘূৰিলেই দেখা পোৱা যাব যে সকলোবোৰ উপ-পথৰ কাম এই বাৰিষাৰ সময়তহে কৰিবলৈ লৈছে। তাকো এটা পথৰ কাম কৰোতে প্ৰায় বছৰ পাৰ হৈ যায় তথাপি কাম শেষ নহয়হে নহয়। এইবোৰ আজব কাণ্ড নহয়নে ? কিয় খৰালি কৰিব নোৱাৰে কাম। নে ইয়াতো আছে কিবা অংক । কেইখনমান উৰণীয়া সেতু নিৰ্মাণ কৰিলেই সমস্যাৰ সমাধান নহয়। গুৱাহাটী উন্নয়ন বুলি চৰকাৰী বিয়াগোম বিভাগ এটাও আছে। ইমান বছৰে কি কৰিলে এই বিয়াগোম বিভাগটোৱে । সকলো ফুটুকাৰ ফেন।  কথাৰে নহয় বন্ধু কামত পৰিচয়। গতিকে আমাক কাম লাগে। সমস্যাৰ আশু সমাধান লাগে।অসমৰ আন এখন নগৰ ডিব্ৰুগড়। বৰ্তমান ডিব্ৰুগড় মহানগৰ হ’ল। এয়া ভাল খবৰ। কিন্তু এজাক বৰষুণতে অসমৰ দ্বিতীয় মহানগৰ ডিব্ৰুগড় জলমগ্ন হৈ পৰিল। ডিব্ৰুগড়ৰ বান সমস্যা আজিৰ নহয়। বছৰ বছৰ ধৰি ডিব্ৰুগড় চহৰক বানপানীয়ে গ্ৰাস কৰি আহিছে। কিয় আজি পৰ্যন্ত ডিব্ৰুগড়ৰ বান সমস্যা সমাধান কৰিব পৰা নাই। মাত্ৰ বানৰ সময়ত বানাক্ৰান্তৰ কাষত ৰজাঘৰীয়া থিয় হৈ আশ্বাস দিয়েই সকলো সামৰিছে। ডিব্ৰুগড়ৰ বানৰ স্থায়ী সমাধানৰ আজিও কোনো উত্তৰ নাই।

নগাঁৱত বন্ধ হৈ থকাউ কলং নৈ বোৱঁতী কৰিবৰ কাৰণে কিমান ভাষণ, কিমান প্ৰতিশ্ৰুতি। ৰাইজো আশ্বস্ত হৈছিল যে কলঙে আকৌ প্ৰাণ পাব। কিন্তু চৰকাৰৰ অদূৰদৰ্শী চিন্তাৰ বাবেই এইবাৰ বানত কলঙেৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই হাতীমূৰাত মথাউৰি ভাঙি কলিয়াবৰকে ধৰি নগাঁৱৰ বৃহত্তৰ অঞ্চল প্লাৱিত কৰিলে। ফলত অবৰ্ণনীয় যাতনা ভোগ কৰিছে সাধাৰণ জনতাই। আপোন ঘৰখন তচ্‌নচ্‌ কৰিলে বানে। কৃষি পথাৰো উচন হ’ল। আনহাতে, পশুধনৰো ক্ষতি হ’ল। এয়া কাৰ ভুলৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতা । ইয়ো বিচাৰ্যৰ বিষয়। মুঠতে সকলো ফালেই মৰণ কেৱল সাধাৰণ জনতাৰ মৰণ। চৰকাৰে কলঙক বোৱঁতী কৰাৰ নামত খৰচ কৰিলে ৰাইজৰ ধন। এতিয়া আকৌ কলঙক বন্ধ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। আকৌ এসোপা ধনৰ শৰাধ হ’ব। যদি সঁচা অৰ্থতে কলঙক বোৱঁতী কৰিবই বিচৰা হৈছিল তেনেহ’লে কলং বোৱঁতী কৰিলে হ’ব পৰি বানপানীৰ সমস্যা অথবা অন্যান্য সমস্যাৰ যে উদ্ভৱ হ’ব পাৰে সেই কথা ভবা নহ’ল কিয় ? নে ইয়ো এক চমক দিব বিচৰা কাৰ্যই আছিল। জনতাক আৰু কিমান আভুৱা-ভাঁৰিব। বানৰ পিছত আকৌ আৰম্ভ হ’ব ৰাজনৈতিক হিচাব-নিকাছ। বোকা ছটিওৱা খেল। পিছে সেইবোৰে ৰাইজক আমুৱাইছে। বানপানীৰ স্থায়ী সমাধান বিচাৰিছে ৰাইজে ? আকৌ এটি অবিনাশৰ এনে অবৰ্ণনীয় মৃত্যু বিচৰা নাই ৰাইজে। দুটামান মথাউৰি মেৰামতি কৰি দিলেই অথবা নিৰ্মাণ কৰি দিলেই সমস্যাৰ সমাধান নহয়। সমস্যাবোৰৰ সুস্থ আৰু গভীৰলৈ সোমাই যাব লাগিব। এনেই ওপৰতে ‘বানমুক্ত অসম’ গঢ়িম বুলি ক’লেই বানমুক্ত অসম গঢ় লৈ নুঠে। মুঠতে বান সমস্যাৰ স্থায়ী সমাধানহে লাগে।

লেখকঃ ভূপেন মহন্ত

Leave A Reply