Breaking

কিমান পাষণ্ড হলে কোনো মাতৃয়ে নিজ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰে !

0 2,035

কিমান পাষণ্ড হলে কোনো মাতৃয়ে নিজ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰে ! দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে তেনে এক হৃদয়বিদাৰক ঘটনা ৷ এটি ফুলকুমলীয়া দেৱ শিশু সন্তানক পুখুৰীত দলিয়াই হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ডেৰ বছৰীয়া শিশুটি ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

ঘটনাৰ সবিশেষ জানিবপৰা মতে , কানহাৰা গাঁৱৰ মিজানুৰ খানৰ সৈতে তেওৰ পত্নীৰ আছিল দীৰ্ঘদিনীয়া কাজিয়া ৷ সেইদৰে যোৱা নিশাও দুয়ো স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল ৷ পিছত নিশাৰ ভাগতে নিৰুদ্দেশ হৈছিল তেওলোকৰে ডেৰ বছৰীয়া পুত্ৰ আহমেদ খান ৷

ৰাতিপুৱাৰ ভাগত পুখুৰীত উপঙি থকা অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই স্থানীয় ৰাইজৰ মাজত লাগে হুৱা-ধোৱা ৷

ৰাইজৰ মতে স্বামী মিজানুৰ ৰহমানৰ লগত তেওৰ পত্নী মালেকা খাতুনৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছতো কি কাৰণত স্বামী গৃহত আহিছিল, কোনে আনিছিল, কিয় কাজিয়াৰ সুত্ৰপাত হৈছিল স্থানীয় ৰাইজে সম্পুৰ্ণৰূপে অজ্ঞাত বুলি জানিবলৈ দিছে ৷

গৰৈমাৰী আৰক্ষীয়ে ঘটনাৰ সঠিক তদন্ত কৰাৰ পিছত উলাই পৰিব শিশুটিৰ প্ৰকৃত হত্যাকাৰী ৷

Leave A Reply