Breaking

বাঁহ গাজৰ গুনাগুৰ বিষয়ে কিমান জানে আপুনি ?

0 323

বাঁহ গাঁজ হৈছে অসমীয়া সমাজত প্ৰচলিত এবিধ থলুৱা খাদ্য। যিবিধৰ সোৱাদ অতি তৃপ্তিদায়ক।

সাধাৰণতে বাঁহৰ গছৰ পৰা ওলোৱা গঁজালিকেই আমি বাঁহ গাঁজ বুলি কওঁ। বাঁহ গাঁজ অকল অসমীয়া সমাজতেই নহয় গোটেই ভাৰততে ব্যৱহাৰ কৰা হয়। বাঁহৰ গাঁজ আৰু গাহৰিৰ মাংসৰ সোৱাদৰ কথা নকলে নোৱাৰি। আচলতে ইয়াৰ সোৱাদ  অতি সুকীয়া আৰু বহুতৰে হয়তো প্ৰিয় খাদ্য। বাঁহৰ গাঁজৰ পৰা আমি আচাৰ তৈয়াৰ কৰোঁ, দাইলত দিওঁ। মাছ, মাংস ইত্যাদি বিভিন্ন ধৰণৰ খাদ্য উপকৰণত আমি বাঁহ গাজ ব্যৱহাৰ কৰো।

বাঁহৰ গাজ অকল সুস্বাদুৱে নহয় ই ঔষধি গুণেৰেও ভৰা। গতিকে বাঁহ গাজৰ পৰা হ’ব পৰা কেইটামান উপকাৰৰ –

১/ বাঁহ গাঁজে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

২/ বাঁহ গাঁজে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

৩/ বাঁহ গাঁজে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

৪/ বাঁহ গাঁজে আমাৰ শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস কৰাৰ সহায় কৰে।

৫/ মহিলাৰ ঋতুস্ৰাৱৰ সমস্যাৰ বাবে বাঁহ গাঁজ বৰ উপকাৰী।

৬/ শৰীৰৰ ক্ষতিকাৰক কলেষ্টৰেল আঁতৰ কৰাত সহায় কৰে।

বি:দ্ৰ: উপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। কোনো জটিল ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।

Leave A Reply