Breaking

দিন আৰু ৰাতিৰ পাৰ্থক্য বুজি নোপোৱা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় কিদৰে চম্ভালিব – প্ৰণৱ মুখাৰ্জীৰ বিস্ফোৰক মন্তব্য…

0 70

দিন আৰু ৰাতিৰ পাৰ্থক্য বুজি নোপোৱা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় কিদৰে চম্ভালিব!

শৰ্মিষ্ঠা মুখাৰ্জীৰ নতুন গ্ৰন্থত ৰাহুল গান্ধীকলৈ প্ৰণৱ মুখাৰ্জীয়ে কৰা বিস্ফোৰক মন্তব্য

দেশৰ প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে লিখি উলিয়াইছে এখন বিশেষ গ্ৰন্থ। ‘ইন প্ৰণৱ, মাই ফাদাৰঃএ ডটাৰ ৰিমেম্বাৰ্ছ শীৰ্ষক গ্ৰন্থ খনত প্ৰকাশ পাইছে ৰাহুল গান্ধী সন্দৰ্ভত প্ৰণৱ মুখাৰ্জীয়ে পোষণ কৰা বহু ধাৰণা।
দিন আৰু ৰাতিৰ পাৰ্থক্য বুজি নোপোৱা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় কিদৰে চম্ভালিব! ৰাহুল গান্ধীক দেখি প্ৰণৱ মুখাৰ্জীয়ে এইদৰেই কৈছিল। ইয়াৰ উপৰি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়েও কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনৰ কেতবোৰ আচৰণত যথেষ্ট অসন্তুষ্ট হৈছিল। প্ৰণৱৰ জীয়ৰী শৰ্মিষ্ঠা মুখাৰ্জীৰ নতুনকৈ প্ৰকাশিত কিতাপখনত এনে বহু পূৰ্বে অপ্ৰকাশিত তথ্য পোহৰলৈ আহিছে। প্ৰণৱ মুখাৰ্জীয়ে গান্ধী পৰিয়ালৰ তিনিটা প্ৰজন্মৰ সৈতে কাম কৰিছিল। এই কিতাপখনত সেই কথাৰ আলোকপাত কৰা হৈছে।

প্ৰণৱ কন্যাই তেওঁৰ পিতৃৰ ডায়েৰীৰ পৰা বিভিন্ন ঘটনাৰ কথা উল্লেখ কৰিছে। তাৰে এটা হ’ল ৰাহুল আৰু প্ৰণৱ মুখাৰ্জীৰ মাজৰ বৈঠক। শৰ্মিষ্ঠাই লিখিছে, “এদিন পুৱা মোৰ দেউতাই মোগল গাৰ্ডেনত খোজকাঢ়ি আছিল। হঠাতে, ৰাহুল গান্ধী উপস্থিত হ’ল। আচলতে ৰাহুলে সেইদিনা আবেলি দেউতাক লগ কৰাৰ কথা আছিল। কিন্তু ৰাহুলৰ কাৰ্যালয়ে পিএম( আবেলি)কে পুৱা (এএম) বুলি ভাবি সভা অনুষ্ঠিত কৰিব বিচাৰিছিল আৰু সেইবাবেই ৰাহুলে পুৱাই ৰাষ্ট্ৰপতি ভৱনলৈ আহিছিল। মোৰ দেউতাই মোক কৈছিল-দিন আৰু ৰাতিৰ পাৰ্থক্য বুজি নোপোৱা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় কিদৰে চম্ভালিব ?’


আন কেইবাটাও বিষয়ত ভাৰতৰ প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীৰ ৰাহুলৰ ভূমিকাত খং উঠিছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ কেইমাহমান পিছত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন অনুষ্ঠানত ৰাহুল উপস্থিত নাছিল। লগতে, প্ৰণৱ মুখাৰ্জীয়ে ৰাহুলৰ সঘনাই ভ্ৰমণ কৰি ফুৰা স্বভাৱক ভালদৰে গ্ৰহণ কৰা নাছিল। “ছোনিয়াজীয়ে ৰাহুলক দলৰ নেতা হোৱাটো বিচাৰিছিল। কিন্তু ৰাহুলৰ ৰাজনৈতিক জ্ঞানৰ অভাৱে সমস্যাৰহে সৃষ্টি কৰিছিল।”এই কথা গ্ৰন্থ খনত উল্লেখ কৰা হৈছে।

অৱশ্যে, প্ৰণৱ কন্যাই ৰাহুলৰ সপক্ষে বহু কথাই লিখিছে। শৰ্মিষ্ঠা মুখাৰ্জীৰ কিতাপ খনত লিখিছে “কংগ্ৰেছক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাহুলৰ ভূমিকাক লৈ মোৰ দেউতাই বিশ্বাস হেৰুৱাইছিল। কিন্তু তেওঁ জীয়াই থাকিলে তেওঁ ভাৰত যোড়ো যাত্ৰাৰ প্ৰশংসা কৰিলেহেঁতেন। ৰাহুলে ১৪৫ দিন ধৰি একক ভাৱে ভ্ৰমণ কৰাৰ ধৰণটো মোৰ দেউতাই ভাল পালেহেঁতেন। ইপিনে গ্ৰন্থ খনৰ বহু মন্তব্যকলৈ কংগ্ৰেছৰ বহু নেতাই আপত্তি দৰ্শোৱা পৰিলক্ষিত হৈছে। গ্ৰন্থ খন ১১ ডিচেম্বৰত উন্মোচন হোৱাৰ কথা।

Leave A Reply