Breaking

চলিত বৰ্ষৰ শেষৰ ফালে হৃতিক ৰোশন আৰু প্ৰেমিকা ছাবা আজাদৰ বিয়া! টুইটাৰত এটা টুইটে লগাইছে খলকনি…

0 71

সচাঁই চলিত বৰ্ষৰ শেষৰ ফালে হৃতিক ৰোশন আৰু প্ৰেমিকা ছাবা আজাদৰ বিয়া নেকি? শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিবাহক লৈ চৰ্চা চলি আছে। এটা টুইট ভাইৰেল হৈ পৰিছে, বলীউডৰ অভিনেতা হৃতিক ৰোশনে দীৰ্ঘদিন ধৰি ছাবা আজাদৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছে। একে সময়তে ছ’চিয়েল মিডিয়াত এটা টুইট যথেষ্ট ভাইৰেল হৈ পৰিছে যে ২০২৩ চনৰ নৱেম্বৰ মাহত এই দম্পতীহালৰ বিবাহ হ’ব। আচলতে হৃতিক ৰোশন আৰু তেওঁৰ প্ৰেমিকা চাবা আজাদে ২০২৩ চনৰ নৱেম্বৰ মাহত বিয়া হোৱাৰ পৰিকল্পনা কৰিছে বুলি খবৰ ওলাইছে। এই জনপ্ৰিয় দম্পতীৰ বিবাহ আৰু এংগেজমেণ্টৰ খবৰ বহুদিনৰ পৰা চলি আছে। শেহতীয়াকৈ হৃতিক ৰোশন আৰু চাবা আজাদেও জুহু ভাৰ্ছ’ভা লিংক ৰোডত এটা বিলাসী সম্পত্তি ক্ৰয় কৰিছিল, যাৰ ভিতৰৰ কাম চলি আছে। এই সকলোবোৰৰ মাজতে ছাবা আজাদও ৰোশন পৰিয়ালৰ সৈতে অতি ঘনিষ্ঠ হৈ পৰিছে।

এটা ভেৰিফাইড হেণ্ডেলৰ পৰা এটা টুইট ইণ্টাৰনেটত যথেষ্ট ভাইৰেল হৈ পৰিছে। টুইটটোৰ মতে, ২০২৩ চনৰ নৱেম্বৰ মাহত ছাবাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব হৃতিক ৰোশন। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই। এই টুইটটো ভাইৰেল হোৱাত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই হৃতিক বা ছাবাই।

কৰণ জোহৰৰ ৫০তম জন্মদিনৰ পাৰ্টিত ছাবাৰ সৈতে সম্পৰ্ক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে হৃতিকে। জন্মদিনত দুয়োকে একেলগে দেখা পোৱা গৈছিল আৰু গোটেই পাৰ্টিটোত ইজনে সিজনৰ হাতত হাত ধৰি থকা দেখা গৈছিল। তদুপৰি হৃতিকে সকলোকে ছাবাক প্ৰেমিকা হিচাপে চিনাকি কৰাই দিছিল বুলিও খবৰ আহিছে। ইফালে, ৱৰ্ক ফ্ৰণ্টত অতি সোনকালে দীপিকা পাডুকনৰ সৈতে সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ‘ফাইটাৰ’ ছবিত হৃতিকক দেখা যাব। এই ছবিখনত অনিল কাপুৰ আৰু কৰণ সিং গ্ৰ’ভাৰেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

Leave A Reply