Breaking

অনন্যাৰ সৈতে ব্ৰেকআপ আদিত্য ৰয় কাপুৰৰ! ছাৰা আলী খানৰ সৈতে পাৰ্টিত ব্যস্ত, ফটো ভাইৰেল…

0 23

বলীউডৰ অভিনেতা আদিত্য ৰায় কাপুৰ পুনৰবাৰ লাইমলাইটলৈ আহিছে তেওঁৰ প্ৰেম জীৱনৰ বাবে। অনন্যা পাণ্ডেৰ সৈতে বিচ্ছেদৰ উৰাবাতৰিৰ খবৰ মাজতে সাৰা আলী খানৰ সৈতে আদিত্য ৰায় কাপুৰৰ ছবি ভাইৰেল হৈ পৰে। বিখ্যাত পৰিচালক অনুৰাগ বসুৰ জন্মদিনৰ পাৰ্টিত আদিত্য ৰায় কাপুৰ আৰু চাৰা আলী খানক একেলগে দেখা গৈছিল। এই পাৰ্টিৰ দুয়োৰে ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

শেহতীয়াকৈ পৰিচালক অনুৰাগ বসুৱে তেওঁৰ জন্মদিন উদযাপন কৰে। য’ত তেওঁ অতি ঘনিষ্ঠ মানুহক নিমন্ত্ৰণ কৰিছিল। সেই ঘনিষ্ঠ বন্ধুসকলৰ ভিতৰত পৰিচালকৰ আগন্তুক ছবি মেট্ৰ’ থিজ ডেজ, আদিত্য ৰয় কাপুৰ আৰু চাৰা আলী খান আছিল। অনুৰাগ বসুৰ পাৰ্টিৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত পৰিচালকগৰাকীয়ে তেওঁৰ অতিথিসকলৰ কাষ চাপি অহা দেখা গৈছে তেওঁলোকক জন্মদিনৰ কেক দিবলৈ, এই ভিডিঅ’টোত দেখা গৈছে আদিত্য আৰু চাৰাক।

আদিত্য ৰায় কাপুৰ আৰু চাৰা আলী খানক একেলগে দেখা পোৱাৰ খবৰ ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে। আদিত্য আৰু চাৰাক একেলগে দেখি মানুহৰ মাজত আলোচনা হৈছে। কোনো কোনোৱে কয় যে অনন্যাৰ পৰা বিচ্ছেদ হোৱাৰ পিছত আদিত্য এতিয়া চাৰৰ প্ৰেমত পৰিছে। আনহাতে কিছুমানে কয় যে দুয়োজনে একেলগে ছবি কৰি আছে আৰু সহ-অভিনেতাসকলে একেলগে থকাৰ কোনো দোষ নাই। অনুৰাগ বসুৰ আগন্তুক ছবি মেট্ৰ’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছাৰা আলী খান আৰু আদিত্য ৰায় কাপুৰে।

Leave A Reply