ভাৰতত বিগত ২৪ ঘণ্টাত ১০,৩০২ জন নতুন কোভিড-১৯ ৰোগী চিনাক্ত হৈছে, আৰু ২৬৭ জনৰ মৃত্যু ঘটিছে। শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনায় এই তথ্য। ইয়াৰ ভিতৰত, কেৰালাত কোভিড-১৯ সংক্ৰমণৰ ৫,৭৫৪ টা নতুন ঘটনা আৰু ৪৯ জনলোকৰ মৃত্যু হৈছে।
ইফালে, ভাৰতত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১,২৪,৮৬৮ জন। যোৱা ২৪ ঘণ্টাত ১১,৭৮৭ জন লোক আৰোগ্য হোৱাৰ লগে লগে, আৰোগ্যৰ সংখ্যা ৩,৩৯,০৯,৭০৮ জনলৈ বৃদ্ধি হৈছে। আৰোগ্যৰ হাৰ বৰ্তমান ৯৮.২৯ শতাংশ, যি মাৰ্চ ২০২০-ৰ পিছত সৰ্বাধিক।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দৈনিক পজিটিভৰ হাৰ হৈছে ০.৯৬ শতাংশ। ই যোৱা ৪৭ দিনৰ পৰা ২ শতাংশৰ তলত আছে আনহাতে সাপ্তাহিক পজিটিভৰ হাৰ ০.৯৩ শতাংশ। ভাৰতে এতিয়ালৈকে কোভিড-১৯ৰ বাবে ৬৩.০৫ কোটি নমুনা পৰীক্ষা কৰিছে। দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত ১১৫.৭৯ কোটিতকৈও অধিক ভেকছিনপালি প্ৰদান কৰা হৈছে।