Breaking

তেজপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন…

0 1,717

তেজপুৰত বৃহৎ পৰিমাণৰ গুপ্তধন উদ্ধাৰ৷ চোতালত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ ১৫ লক্ষাধিক টকা৷ আলিচিঙাৰ আব্দুল কৰিম নামৰ লোকজনৰ ঘৰত নিশা চলিছিল আৰক্ষীৰ অভিযান৷ আব্দুল কৰিমে গোপনে টকা মজুত কৰি ৰখাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত উদ্ধাৰ টকাখিনি।

চোতালত ঘৰৰ চিৰিৰ তলত গাত খান্দি এটা ট্ৰাংকত লুকুৱাই ৰাখিছিল টকাখিনি৷ দীৰ্ঘ সময় ধৰি চলা অভিযানৰ অন্তত গাঁতৰ পৰা উদ্ধাৰ কৰা হয় টকাভৰ্তি ট্ৰাংকটো৷ আৰক্ষীৰ উপস্থিতি গম পাই পলায়ন কৰে আব্দুল কৰিমে৷ শোণিতপুৰৰ উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত বৰঘাট আৰক্ষীয়ে চলাইছিল অভিযান ৷

পলায়ন কৰা আব্দুল কৰিম এজন তান্ত্ৰিক৷ ইতিপূৰ্বে গাড়ী চুৰিৰ গোচৰ আৰু বেজালিৰ বাবে জে’ললৈ গৈছিত আব্দুল কৰিম৷ ঘটনা সন্দৰ্ভত বৰঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

Leave A Reply