Breaking

চাবুৱাত ঝুমুই সম্ৰাট-পদ্মশ্ৰী দুলাল মানকীক বিপুল সম্বৰ্ধনা

0 2,015

সাংস্কৃতিক আৰু অন্যান্য ক্ষেত্ৰলৈ নিৰন্তৰে সেৱা আগবঢ়াই যোৱা সাধকসকলক দেশৰ সৰ্বোচ্চ সাংবিধানিক মুৰব্বী তথা দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি বছৰে প্ৰদান কৰি আহিছে পদ্মশ্ৰী সন্মান । তেনে সময়তে অসমৰ কে’বাজনকো  এই বৰ্ষ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই যোৱা কেইবাজনকো পদ্মশ্ৰী সন্মানেৰে ইতিমধ্যে সন্মানিত কৰিছে। উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ নিবাসী তথা চাহ বাগানীয়াসকলৰ জনপ্ৰিয় গায়ক তথা ঝুমুই সম্ৰাট দুলাল মানকীক ভাৰত চৰকাৰে ‘পদ্মশ্ৰী’ সন্মান প্ৰদান কৰাৰ পিছত আজি গৃহভূমিলৈ ৰাওনা হোৱাৰ পথত চাবুৱা নগৰত উপস্থিত হয়। অসম চাহ জনজাতি  ডিব্ৰুগড় জিলা সমিতিয়ে পদ্মশ্ৰী মানকীক বিপুল সম্বৰ্ধনা জনায় ।   সম্বৰ্ধনাত সংগঠনটোৱে ফুল থোপা , ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰে । সম্বৰ্ধনা গ্ৰহণ কৰি পদ্মশ্ৰী মানকীয়ে বক্তব্যত  চাহ বাগিচাৰ ঝুমুই গীতৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেখেতে কয় যে এতিয়াও চাহ জনগোষ্ঠীৰ বহু পুৰণি গীত আছে যিসমূহ  আজিৰ প্ৰজন্মই পৰিবেশন কৰিবলৈ নিবিচাৰে । এতিয়াও  বহু গীত  প্ৰচাৰ হ’বলৈ বাকী আছে । সকলোৱে এই গীতবোৰ উলিয়াই অনাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগে।  

Leave A Reply