Breaking

ডিগবৈৰ দুৰ্গোৎসৱত শ্বহীদ বিৰাঙ্গনা কনকলতা বৰুৱাৰ পৰিয়ালবৰ্গক বিপুল সম্বৰ্ধনা

0 674

দেশ জুৰি দুৰ্গোৎসৱক লৈ ব্যস্ত হৈ পৰা সময়তে তৈলনগৰী ডিগবৈতো জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। তাৰ মাজতেই ডিগবৈ বিশিষ্ট ব্যৱসায়ী শ্যামলাল চালহুত্ৰাৰ নেতৃত্বত কালীবাৰী হাউচিং এৰিয়াৰ দুৰ্গা পূজাখনি প্ৰতি বছৰে এক ব্যতিক্ৰম ৰূপত আয়োজন কৰি আহিছে। দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি ২০১০ বৰ্ষত ভাৰতীয় সেনা বাহিনীৰ পৰমবীৰ চক্ৰ বঁটা লাভ কৰা উত্তৰ প্ৰদেশৰ বীৰ আব্দুল হামিদ আৰু ২০১৫ দেশৰ বীৰ শ্বহীদ ভগৎ সিংৰ পৰিয়াল বৰ্গক ডিগবৈ কালীবাৰী হাউচিং এৰিয়া দুৰ্গা পূজা পালন সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।

এইবাৰো দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদি কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰতৰ স্বাধীনতা সংগ্ৰামত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অদম্য সাহসেৰে যুজঁ দি প্ৰাণ আহুতি দিয়া শ্বহীদ বীৰাঙ্গনা কনকলতা বৰুৱাৰ পৰিয়াল বৰ্গক নিমন্ত্ৰণ কৰি আনি দুৰ্গা পূজা পালন সমিতিয়ে সম্বৰ্ধনা জনায়। বীৰঙ্গনা কনকলতা বৰুৱা ভতিজা অভিজিৎ বৰুৱাক পূজা মণ্ডপত ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক সুৰেন ফুকন, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ নিখিল কোঁচ, সদৌ অসম ভোজপৰী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি কৈলাশ গুপ্তাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিতিত বীৰঙ্গনা কনকলতা পৰিয়ালৰ হৈ ভতিজা অভিজিৎ বৰুৱাক চেলেং চাদৰ, ফুলাম গামোচা, শৰাই, ফুলাম জাপি, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনাই।

ডিগবৈ পৰা ৰুণু হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply