শিৱসাগৰ জিলাৰ আমগুৰি বন সংমণ্ডলৰ আধীনস্থ হাফলুটিঙত আজি এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাৱদ্ধ হয়। হাফলুটিঙ ন-পামত পিঞ্জৰাৱদ্ধ হোৱা নাহৰফুটুকীটো চাবলৈ শতাধিক লোকৰ সমাগম হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু-ছাগলী, গাহৰী ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল।আজি পুৱতি নিশা নাহৰফুটুকীটো পিঞ্জৰাৱদ্ধ হয়। অঞ্চলটোত ৬ টাৰো অধিক নাহৰফুটুকীয়ে বিচৰণ কৰি দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল। চাৰিদিন পূৰ্বে আমগুৰি বন বিভাগৰ সহযোগত পিঞ্জৰা স্থাপন কৰি নাহৰফুটুকীটো আৱদ্ধ কৰাৰ প্ৰচেষ্টা চলাইছিল।পূৰ্বেও অঞ্চলটোত দুটা নাহৰফুটুকী পিঞ্জৰাৱদ্ধ হৈছিল। স্থানীয় লোকে পুনৰ পিঞ্জৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।