Breaking

নাজিৰাৰ মঠিয়াছিগাত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ, অজগৰ চাবলৈ শতাধিক লোকৰ সমাগম

0 1,108

নাজিৰাৰ মঠিয়াছিগা কোঁৱৰ গাঁওত প্ৰায় ১২ ফুট দৈৰ্ঘ্যৰ এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়। মঠিয়াছিগাৰ ভাগেশ্বৰ গগৈ নামৰ লোকজনৰ ঘৰৰ ধানৰ ভঁৰালৰ ভিতৰত উদ্ধাৰ হয় এই অজগৰটো।

এই অজগৰটো শিৱসাগৰ জিলাৰ বন বিভাগৰ সহযোগত জয়সাগৰৰ প্ৰকৃতিপ্ৰেমি বিশ্বজিৎ বৰুৱা আৰু আকাশ দাস নামৰ যুৱক দুজনে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই প্ৰকাণ্ড অজগৰটো।

অৱশেষত যুৱক দুজনে অজগৰটো শিৱসাগৰ বন বিভাগৰ কাৰ্যালয়ত চমজাই দিব বুলি জানিব পৰা গৈছে।

Leave A Reply