Breaking

ৰঙিয়াত জব্দ মণিপুৰৰ পৰা বিক্ৰী কৰিব অনা বৃহৎ পৰিমাণৰ ড্ৰাগছ…

0 77

ৰঙিয়াৰ কেকেনিকুছিত ৭ লাখ টকা মূল্যৰ নিষিদ্ধ হেৰ’ইন জব্দ । বহিঃৰাজ্যৰ হেৰ’ইন সৰবৰাহকাৰী এজনক হাতে-লোটে গ্ৰেপ্তাৰ । বিশেষ সূত্ৰৰ পম খেদি ৰঙিয়াৰ সমীপৰ মৰাণজানা গাঁও পঞ্চায়তৰ অধীনৰ কেকেনিকুছিত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত কামৰূপ আৰক্ষীয়ে নিষিদ্ধ হেৰ’ইনৰ বিৰুদ্ধে চলালে অভিযান ।

এটা ভাড়া ঘৰত অভিযানকাৰী দলটোৱে অভিযান চলাই ঘৰটোৰ পৰা জব্দ কৰে ৭ টাকৈ হেৰ’ইন ভৰ্তি চাবোনৰ পেকেট । পুঠি খলিখহণাৰ পাছত এইবাৰ জালত পৰিবলৈ আৰম্ভ কৰিছে ৰৌ – বৰালী । মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত জব্দ প্ৰায় ১০০ গ্ৰাম নিষিদ্ধ হেৰ’ইন । লগতে গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ হেৰ’ইন সৰবৰাহকাৰী যুৱক এজনক ।

ধৃত হেৰ’ইন সৰবৰাহকাৰীজন হৈছে মণিপুৰৰ শ্বাঅমবুংজ্ঞ গেট ইম্ফল ইষ্টৰ “চাগল শ্বেম বৈশ্বা সিঙ” । ধৃত সৰবাৰহকাৰীজনে ৰঙিয়াৰ এই ভাড়াঘৰটোত দীৰ্ঘদিন ধৰি হেৰ’ইনৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে হেৰ’ইন সৰবৰাহকাৰীজনৰ বিৰুদ্ধে ।

উল্লেখ্য যে বিগত যোৱা কেইদিনমানত কামৰূপ আৰক্ষীৰ জালত পৰিছে কেইবাজনো ড্ৰাগছ বিক্ৰেতাৰ লগতে সৰবৰাহকাৰী । লগতে উদ্ধাৰ হৈছে কেইবা লাখ টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

Leave A Reply