Breaking

তামুলপুৰত চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত দৰ্শকৰ বিপুল সঁহাৰি; অপ্ৰতিদ্বন্দ্বী ভাৰত

0 111

খো খো ফেডাৰেচন অব ইণ্ডিয়াৰ উদ্যোগত অসম খো খো সন্থাৰ সহযোগত আৰু তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত
এক উৎসৱ মুখৰ পৰিবেশত কালিৰে পৰা তামুলপুৰত আৰম্ভ হৈছে চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ। খেলৰ আজি দ্বিতীয় দিনা দেখা গৈছে দৰ্শকৰ অভাৱনীয় সঁহাৰি।

দৰ্শকৰ লানি নিছিগা সোঁত বৈছে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈ। প্ৰতিযোগিতাত আজিও ভাৰতীয় পুৰুষ মহিলা দুয়োটা দলে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়। আজি ভাৰতীয় মহিলা দলে দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখি মালয়েছিয়াৰ ৬৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।

ভাৰতীয় পুৰুষৰ দলটোৱে তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ইৰাণক ৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। মহিলাৰ এখন খেলত নেপালে ৬৪ পইণ্ট সংগ্ৰহ কৰাৰ বিপৰীতে ইণ্ডোনেছিয়াই সংগ্ৰহ কৰে মাথোঁ ০৬ পইণ্ট। মহিলাৰ ভূটানৰ দলটোৱে ০৯ পইণ্টৰ বিপৰীতে শ্ৰীলংকা দলে ৫৬ পইণ্ট লাভ কৰি বিজয়ী হয়।

আনহাতে মহিলাৰ আন এখন খেলত বাংলাদেশে ইণ্ডোনেছিয়াক ৬৩ পইণ্টৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। পুৰুষৰ এখন খেলত বাংলাদেশে ৬০ পইণ্টৰ ব্যৱধানত ইণ্ডোনেছিয়াক পৰাভূত কৰে। আনহাতে পুৰুষৰ আন এখন খেলত দক্ষিণ কোৰিয়াৰ ৮ পইণ্টৰ বিপৰীতে শ্ৰীলংকাই ৫৮ পইণ্ট লাভ কৰি বিজয় সাব্যস্ত কৰে।

পুৰুষৰ নেপাল দলটোৱে ২৩ পইণ্টৰ ব্যৱধানত ভূটান দলটোক পৰাস্ত কৰে।

ইপিনে আজি আবেলি পৰত দৰ্শকৰ ব্যাপক সঁহাৰি দেখা যায় ৷ প্ৰায় সাত হাজাৰ দৰ্শকৰ বাবে ৰখা আসন পূৰ হোৱাৰ পিছতো আন একাংশ দৰ্শকে আসন লাভৰ পৰা বঞ্চিত হয়।

এই দৰ্শকৰ ওচৰত আয়োজক মণ্ডলীয়ে দুখ প্ৰকাশ কৰিছে৷ ইতিমধ্যে মটঙাচক আৰু ঘগ্ৰাচকত দৰ্শকৰ বাবে এল চি ডিৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে৷

Leave A Reply