Breaking

বৰছলা আৰক্ষী চকীৰ আৰক্ষীৰ বৃহৎ সাফল্য

0 2,037

মৰিগাঁও জিলাৰ লাহৰীঘাটত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। বৰচলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটা সৰবৰাহকাৰীক। ড্ৰাগচ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী দুটা। ধৃত সৰবৰাহকাৰী দুটা মিকিৰভেটা থানাৰ এলেকাধীন আবু ছাহিদ(৩৪)আৰু আজিবুৰ ৰহমান। ধৃত ড্ৰাগচ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২৪ গ্ৰাম ড্ৰাগছ, এটা চাৰি চকীয়া বাহন আৰু ভি’ভ মবাইল। উল্লেখ্য যে  বৰছলা আৰক্ষী চকীৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি  ড্ৰাগচ সৰবৰাহ কাৰীয়ে ড্ৰাগচ বিক্রি কৰি থকা অৱস্থাত দুয়োকে হাতে লোটে কৰায়ত্ব কৰে। পিছত  অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী দুটাক জেৰা কৰিবৰ বাবে  লাহৰীঘাট থানাত লৈ আনে। আৰক্ষীয়ে জব্দ কৰিছে  ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS 02F 7538 নম্বৰৰ এখন  চাৰি চকীয়া বাহন, ২৪ গ্ৰাম ড্ৰাগছ আৰু এটা ভিভ’ মবাইল। দুয়োকে আজি লাহৰীঘাট থানাৰ আৰক্ষীয়ে 573/21, U/S 21B/29/ NDP’S ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজতোলৈ প্ৰেৰণ কৰে।

Leave A Reply