Breaking

নলবাৰীৰ চামতাত বুজন পৰিমানৰ গাঞ্জা জব্দ

0 2,045

বৰ্তমান সময়ত নলবাৰী জিলাত অব্যাহত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ  । কিন্তু তেনে সময়তে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহকাৰীক নাকি লগাবলৈ সষ্টম হৈ আছে নলবাৰী আৰক্ষী । সেইমৰ্মে আজি নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত ৰুপীয়াবাথান আৰু চামতা চ’কত জিলা খনৰ উপ আৰক্ষী অধীক্ষক জিকি ৰানী মহন্তৰ নেতৃত্বত চলোৱা এক অভিযানত ৪ কেজি ২৫০ গ্ৰাম গাঞ্জা জব্দ কৰা হয় ৷ আনহাতে উক্ত  গাঞ্জা সৰবৰাহ আৰু বিক্ৰী কৰা কাৰ্যত জড়িত বনমালী বৰ্মন ,নিৰঞ্জন চালৈ, ৰতন বৰ্মন আৰু ৰুবুল বৰ্মনক আটক কৰিবলৈ সক্ষম হয়৷ইপিনে উপ আৰক্ষী অধীক্ষক জিকি ৰানী মহন্তক সহযোগিতা কৰে  চামতা পহৰা চকীৰ উপ পৰিদৰ্শক গোবিন্দ দাসে৷দীৰ্ঘদিনৰ পৰা চামতাকে ধৰি পশ্চিম নলবাৰীৰ বিভিন্ন প্ৰান্তত মদ গাঞ্জা আদিৰ অবাধ প্ৰচলন হৈ আহিছিল ৷

Leave A Reply