Breaking

মৌলবাদী জেহাদীৰ বিৰুদ্ধে মানৱ শৃংখল সদৌ অসম গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ

0 77

মৌলবাদী জেহাদীৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্য্যসূচী সদৌ অসম গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ । প্ৰয়োজন হলে জেহাদীক খেদি খেদি ধৰিব বুলি মন্তব্য কেন্দ্ৰিয় সম্পাদক ময়ূৰ আলিৰ। ক্ৰমাৎ জেহাদীৰ কার্যকলাপ বৃদ্ধি পাইছে বৰপেটা জিলাত।

বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ উঠা জেহাদীৰ বিৰুদ্ধে বৰপেটা আৰক্ষী তৎপৰ হৈ পৰিছে ঠিক অনুৰূপ ধৰণে মৌলবাদী জেহাদীৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখিবলৈ পোৱা গৈছে সদৌ অসম গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদক।

আজি সদৌ অসম গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটা চহৰৰ ভি আই পি চকত মৌলবাদী জেহাদীৰ শক্তি নিপাত যোৱাৰ বিৰুদ্ধে এক মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। বৰপেটা জিলাৰ গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বিভিন্ন আঞ্চলিক সদস্য সকলে হাতে হাতে প্লে কাৰ্ড লৈ মৌলবাদী জেহাদী শক্তিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে। প্ৰতিবাদী সকলে মৌলবাদী জেহাদী শক্তিক অসমৰ পৰা পুলিয়ে পখায় উভালি পেলোৱাৰ বাবে অসম চৰকাৰলৈ দাবী জনায়।

Leave A Reply