Breaking

ওদালগুৰিত সক্ৰিয় মানৱ সৰবৰাহকাৰী; ওদালগুৰিৰ ঔৰংগাজুলি চাহ বাগিচাৰ পৰী আটক দুই মানৱ সৰবৰাহকাৰী

0 64

ঔৰংগাজুলি চাহ বাগিচাৰ পৰা দুগৰাকী কিশোৰীসহ এগৰাকী কিশোৰক বহিৰাজ্যলৈ কামৰ প্ৰলোভনেৰে লৈ যোৱাৰ পৰিকল্পনা কৰিছিল যদিওঁ এগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় আদিবাসী সংগঠনে৷

বাকী ২গৰাকী কিশোৰ-কিশোৰীক বহিঃৰাজ্যলৈ অন্য এজেন্টে লৈ যোৱাৰ সন্দেহ প্ৰকাশ৷

মানৱ সৰবৰাহকাৰী এটাৰ নাম অশোক তান্তী আন এগৰাকী সৰবৰাহকাৰী যুৱতি৷

দুয়োগৰাকী মানৱ সৰবৰাহকাৰীক আদিবাসী সংগঠনে ধৰি পানেৰী আৰক্ষীক চমজাই দিয়ে৷

ইতিমধ্যে পানেৰী আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷

উল্লেখ্য যে বাগান অঞ্চলত সঘনাই হৈ থকা মানৱ সৰবৰাহকাৰীক কঠোৰ শাস্তি প্ৰদান কৰাৰ কথা কেইমাহ মান পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই নোনাইপাৰা চাহ বাগিচাত উপস্থিত হৈ কৈছিল৷

Leave A Reply