Breaking

দক্ষসকলৰ বাবে উপযুক্ত মঞ্চ হুনাৰ হাট

0 58

হুনাৰ হাটে দেশৰ দক্ষ শিল্পী, কাৰিকৰ আৰু শিল্পকাৰসকলক উৎসাহিত কৰি আহিছে। তেওঁলোকৰ কলাক এখন মঞ্চ দিয়াৰ উপৰিও, কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে হুনাৰ হাটৰ জৰিয়তে তেওঁলোকক সন্মান জনোৱাৰ বাবেও কাম কৰি আছে। যি সকলৰ মাজত প্ৰতিভা লুকাই আছে আৰু সফলতাত ঊৰ্ধলৈ উৰিব বিচাৰে তেওঁলোকে হুনাৰ হাটৰ অংশীদাৰ হৈ নিজৰ সপোনবোৰ বাস্তৱায়িত কৰিব পাৰে।


কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা সাত বছৰ ধৰি সমগ্ৰ দেশতে হুনাৰ হাট আয়োজন কৰি দক্ষ শিল্পী, কাৰিকৰ আৰু শিল্পকাৰসকলক বৃহৎ পৰিমাণৰ বজাৰ প্ৰদান কৰি আহিছে। ইয়াৰ জৰিয়তে সামগ্ৰীবোৰ বিভিন্ন চহৰত বিক্ৰী কৰাৰ সুযোগ দিছে, যি বৃহৎ সংখ্যক লোকক উপকৃত কৰিছে।


গুৱাহাটীৰ খানাপাৰাত চলি থকা হুনাৰ হাটলৈ অহা সমগ্ৰ দেশৰ শিল্পী, কাৰিকৰ আৰু শিল্পকাৰসকল দৰ্শন কৰিবলৈ অহা লোকসকলৰ সঁহাৰিত অতিশয় সুখী হৈছে। গুৱাহাটীৰ ৰাইজেও বৃহৎ সংখ্যাত সুস্বাদু ব্যঞ্জন উপভোগ কৰি তেওঁলোকক উৎসাহিত কৰিছে। বহু সংখ্যক লোকে প্ৰতিদিনে সন্ধিয়া অনুষ্ঠিত হোৱা সংগীত আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি শিল্পীসকলক তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন প্ৰদান কৰিছে।


দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা গুৱাহাটীলৈ অহা দোকানীসকলে তেওঁলোকৰ নিজ নিজ অঞ্চলত এমাহত যিমান সামগ্ৰী বিক্ৰী কৰে, তাতোকৈ অধিক টকাৰ সামগ্ৰী তেওঁলোকে হুনাৰ হাটত বিক্ৰী কৰিব পাৰিছে ৷বিভিন্ন ডাঙৰ চহৰৰ দোকানীসকলক দিয়া সুযোগৰ বাবে তেওঁলোকৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নত হৈছে । যিসকল শিল্পী আৰু তেওঁলোকৰ পৰিয়ালে সামগ্ৰী তৈয়াৰ কৰাৰ কাম কৰি আছে তেওঁলোকেও লাভান্বিত হৈছে। তাৰোপৰি, হুনাৰ হাটে অনলাইন বজাৰৰ সুবিধাও প্ৰদান কৰিছে। উন্নত সামগ্ৰীবোৰ হুনাৰ হাটৰ ৱেবছাইট আৰু জিইএম পৰ্টেলত আপলোড কৰা হয় য’ৰ পৰা মানুহে অনলাইনত ক্ৰয় কৰে।


হুনাৰ হাট অনুষ্ঠিত হোৱা চহৰখনত, শিল্পী তেওঁলোকৰ যাতায়াতৰ ব্যয়ৰ পৰা আৰম্ভ কৰি বিনামূলীয়া বিপণী প্ৰদান কৰা আৰু হুনাৰ হাট অনুষ্ঠানৰ সময়ত প্ৰতিদিনে এক হাজাৰ টকা দিয়ালৈকে সুবিধাৰ বাবে বৃহৎ সংখ্যক শিল্পী আৰু কাৰিকৰসকলে এক বৃহৎ সঁকাহ লাভ কৰিছে ।

গুৱাহাটীৰ পিছত চণ্ডীগড়ত পৰৱৰ্তী হুনাৰ হাট অনুষ্ঠিত কৰা হ’ব ৷ গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা যিসকলক শিল্পী, কাৰিকৰ আৰু শিল্পকাৰে তেওঁলোকৰ সামগ্ৰী বিক্ৰীৰ বাবে এখন ভাল মঞ্চ বিচাৰি আছে আৰু ভৱিষ্যতে হুনাৰ হাটৰ অংশীদাৰ হ’ব বিচাৰে, তেওঁলোকে www.hunarhaat.orgত হুনাৰ হাটৰ ৱেবছাইট পৰিদৰ্শন কৰি অনলাইনত আবেদন কৰিব পাৰে।

Leave A Reply