Breaking

মায়ঙত বড়োধানৰ লগতে শ শ বিঘা মাটিৰ মাকৈ খেতি বানৰ কবলত

0 1,090

মৰিগাও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন খেতি পথাৰ বানৰ কবলত।আজি কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুনৰ ফলত বৃদ্ধি হোৱা ব্ৰহ্মপুত্ৰ আৰু কপিলি নৈয়ৰ বাৰনী পানীয়ে ঠায়ে ঠায়ে খেতি পথাৰ বুৱাই পেলাইছে । বিশেষকৈ মায়ং পুখৰীয়া আৰু ঘগুৱা মৌজাৰ অন্তৰ্গত বহু খেতি পথাৰ বানৰ কবলত। কৃষক ৰাইজে শস্য সমূহৰ পৰা অধিক লাবাম্বীত হোৱাৰ আশাত খেতি কৰিছিল। কিন্তু খেতি সমূহ চপোৱাৰ সময়তে বাঢ়নী পানীয়ে বিস্তাৰ খতি সাধন কৰিছে ।যাৰ ফলত কৃষকৰ আশাত চেচা পানী পৰা পৰিলক্ষিত হৈছে। আৰু কোনোমতে কৃষক সকলে তৌলোংগা নাওৰে পানীৰ পৰা বড়োধান আৰু মাকৈ সমূহ উঠাবলৈ চেষ্টা কৰিছে যদিও বহুত লোকচানৰ সন্মুখীন হৈছে।

আনহাতে মায়ঙৰ বিভিন্ন গাঁও ক্ৰমে , বৰকুৰাণী, গাগলমাৰী, আশিগড়, বৰবড়ী , খাটবড়ী, কৰতিপাম , গৰমাৰী , ঝাৰগাঁও আদি অন্যান্য অঞ্চলৰ বিভিন্ন খেতিৰ শস্যৰ বিস্তাৰ ক্ষতি সাধন হৈছে বুলি কৃষক সকলে মত পোষণ কৰে ।

Leave A Reply