Breaking

গোলাঘাটত বিজেপিত যোগদান শতাধিক কংগ্ৰেছ কৰ্মীৰ

0 2,040

কংগ্ৰেছী বিধায়িকা অজন্তা নেওঁগ বিজেপি যাত্ৰাৰ খবৰ সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগেই কংগ্ৰেছৰ পৰা বিজেপিলৈ ধাপলি মেলিছে গোলাঘাট জিলাৰ কংগ্ৰেছ কৰ্মীসকল ৷ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ দক্ষিণহেঙেৰা গাওঁ পঞ্চায়তৰ আঠাবাৰী গাওঁৰ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ বহু বছৰ বছৰ ধৰি কংগ্ৰেছ দলৰ লগত থাকি একো উন্নয়নৰ মুখ দেখি নোপোৱা এই সকল গাওঁৰ সৰ্বসাধাৰণ লোকে বৰ্তমান চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কাম কাজত আকৃষ্ট হৈ বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰে ৷

কংগ্ৰেছৰ পদত্যাগী সদস্যসকলে আনহাতে সমষ্টিটোত বৰ্তমানৰ বিধায়ক মৃনাল শইকীয়াৰ নেতৃত্বত যথেষ্ট উন্নয়নমূলক কাম হোৱাৰ কথা উল্লেখ কৰি অতি শীঘ্ৰে অন্য বহু দলৰ পৰা বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰে ।

Leave A Reply