Breaking

নগাঁৱত কেইবাশতাধিক লোকৰ বিজেপিত যোগদান

0 2,038

 বিগত কিছুদিন ধৰি নগাঁও সদৰ সমষ্টিত কংগ্ৰেছকে ধৰি আন দলৰ পৰা বিজেপিত যোগদান পৰ্ব অব্যাহত আছে। বিশেষকৈ বিগত সময়চোৱাত বিধায়ক ৰূপক শৰ্মাই সমষ্টিটোৰ সৰ্বস্তৰৰ লোকৰ সামগ্ৰিক উন্নয়নত আকৃষ্ট হৈ সমষ্টিটোত বিজেপিত যোগদান কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ লক্ষ্য “মিছন ১০০+” সফল কৰাৰ উদ্দেশ্য আজি নগাঁও সদৰ সমষ্টিৰ ফৌজাদাৰপট্টি স্হিত দক্ষিণ পাট স্টেন্ডৰ সমীপত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা এখন সভাত বিভিন্ন দলৰ পৰা অহা কেইবাশতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।যোগদান সভাখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰসংগত কয় যে ,”নগাঁও সদৰ সমষ্টিৰ  সামগ্ৰিক উন্নয়ন আৰু ভাৰতীয় জনতা পাৰ্টিৰ  নীতি আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ বহু সংখ্যক নেতা,কৰ্মীয়ে বিগত দিন সমূহত বিজেপি দলত যোগদান কৰি আহিছে। আজিও আমাৰ দলৰ নীতি আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ  বিভিন্ন দল ত্যাগ কৰি কেইবাশতাধিক লোকে বিজেপি দলত যোগদান কৰিছে।আজি বিজেপি দললৈ আগমন ঘটা প্ৰত্যেক গৰাকী সদস্যক আমাৰ ফালৰ পৰা উস্ম আদৰণি জনাইছো ।আশাকৰো এইসকল নতুন সদস্যৰ অন্তৰ্ভুক্তিয়ে অনাগত দিনত বিজেপি দলৰ ভেটি আৰু অধিক শক্তিশালী কৰি তুলিব।লগতে তেওঁ কয় যে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত সদৰ সমষ্টিৰ উন্নয়ন কেৱল আধাৰশিলাতহে সীমাবদ্ধ আছিল। কিন্তু এতিয়া আধাৰশিলা নহয়, কামৰ শুভ উদ্ধোধনহে হৈ আছে।নগাঁও সদৰ সমষ্টিত বিগত চাৰিটা বছৰে যিমান উন্নয়ন হৈছে, পূৰ্বৰ চৰকাৰৰ দিনত এনেধৰণৰ উন্নয়ন হোৱা নাছিল।” সবকা সাথ সবকা বিকাশ আৰু বিশ্বাস নীতিৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে সকলো শ্ৰেণীৰ লোকৰ কাৰণে কাম কৰিছে। সমষ্টি উন্নয়নৰ ক্ষেত্ৰত হিন্দু-মুছলমানৰ কথা চিন্তা কৰা নাই। সম উন্নয়নতহে গুৰুত্ব প্ৰদান কৰা হৈছে। আজি অনুষ্ঠিত যোগদান সভাখনত বিজেপি দলৰ বিভিন্ন  বিষয়ববীয়া তথা কৰ্মকতা সকল উপস্থিত থাকে।

Leave A Reply